জি এছ টি বিভাগৰ অভিযান

photo 1

এটা অপঞ্জীয়নকৃত গুটখা অথবা ধপাত উৎপাদন কোম্পানীয়ে দিল্লীত ৮৩১ কোটি টকাৰ কৰ ফাকিৰ তথ্য উদ্ধাৰ কৰিছে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) বিভাগে। দিল্লীৰ বুধবিহাৰ অঞ্চলত অভিযান চলাই বিভাগীয় বিষয়াই সংস্থাৰ স্বত্বাধিকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে প্ৰচুৰ পৰিমাণৰ গুটখা আৰু ধপাতজাতীয় সামগ্রী জব্দ কৰে।

দিল্লীৰ জি এছ টিৰ আয়ুক্ত শুভাগত কুমাৰৰ মতে, জি এছ টি আদায় নিদিয়াকৈ আৰু পঞ্জীয়ন নকৰাকৈ সংস্থাটোৱে পাণ মছলা, গুটখা আৰু অন্যান্য ধপাতজাতীয় সামগ্রী ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। সংস্থাটোৰ অধীনত ৬৫জন কর্মী আছে অবৈধভাৱে নির্মিত গুটখা, ইয়াৰ গুদাম, যন্ত্রপাতি, কেঁচা সামগ্রী আদি জব্দ কৰে বিভাগে। কৰৰ ৰছিদ নােহােৱাকৈয়ে। সামগ্ৰীসমূহ বিভিন্ন ঠাইলৈ যােগান ধৰা হৈছিল। জব্দকৃত গুটখা আৰু কেঁচা সামগ্ৰীৰ মূল্য প্রায় ৪.১৪ কোটি হ’ব। এই পর্যন্ত সংস্থাটোৱে ৮৩০ কোটি টকাৰ কৰ ফাকি দিছে।

Exit mobile version