মাৰ্চত উপলব্ধ হ’ব ক’ভিড প্ৰতিষেধকঃ আদৰ পুনাৱালা

vaccine china coronavirus GettyImages 1211365729

In this picture taken on April 29, 2020, an engineer works at the Quality Control Laboratory on an experimental vaccine for the COVID-19 coronavirus at the Sinovac Biotech facilities in Beijing. - Sinovac Biotech, which is conducting one of the four clinical trials that have been authorised in China, has claimed great progress in its research and promising results among monkeys. (Photo by NICOLAS ASFOURI / AFP) / TO GO WITH Health-virus-China-vaccine,FOCUS by Patrick Baert (Photo by NICOLAS ASFOURI/AFP via Getty Images)

ছেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পোনাৱালাই জনাই যে মাৰ্চত বেচৰকাৰী চিকিৎসালয় আৰু সংস্থাসমূহত উপলব্ধ হ’ব ক’ভিড প্ৰতিষেধক । ক’ভিড প্ৰতিষেধক দিয়া আৰম্ভ কৰাৰ পাছত পাঁচ-ছয় কোটি ক’ভিশ্বিল্ড প্ৰতিষেধক চৰকাৰৰ নিৰ্দেশিকা অনুসৰি প্ৰদান কৰা হ’ব । ইয়াৰ পাছতেই মাৰ্চত বেচৰকাৰী চিকিৎসালয় আৰু সংস্থাসমূহত প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা আছে । ফলত সাধাৰণ লোক, যিসকল চৰকাৰী নিৰ্দেশিকা অনুসৰি প্ৰথম পৰ্যায়ত নপৰে তেওঁলোকেও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব।

কেন্দ্ৰীয় দৰব নিয়ন্ত্ৰক সংস্থা ডিচিজিআয়ে ছেৰাম ইনষ্টিটিউটক ইতিমধ্যে অক্সফ’ৰ্ডৰ প্ৰতিষেধকক নিয়ন্ত্ৰিত জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰিছে । সেয়েহে সংস্থাটোৱে প্ৰথমে বেচৰকাৰী সংস্থাসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰিব নোৱাৰিব । লগতে বৈদেশিক ৰপ্তানিও কৰা সম্ভৱ নহ’ব । প্ৰাথমিকভাৱে কেৱল চৰকাৰকে দিয়া হ’ব প্ৰতিষেধক । জনসাধাৰণৰ মাজত প্ৰতিষেধকৰ বিশ্বাসযোগ্যতা আনিবলৈ অতি শীঘ্ৰে আদৰ পুনাৱালাই নিজেই প্ৰতিষেধক গ্ৰহণ কৰিব ।

চৰকাৰে ‌ইতিমধ্যে ছেৰাম ইনষ্টিটিউটক জনাইছে যে মাহে পাঁচৰ পৰা ছয় কোটি প্ৰতিষেধকৰ প্ৰয়োজন হ’ব কেন্দ্ৰীয় চৰকাৰক । চৰকাৰী সংস্থাসমূহত প্ৰতিষেধকৰ মূল্য হ’ব দুশ টকা আৰু বেচৰকাৰী বজাৰ মূল্য হ’ব এহেজাৰ টকা । বৰ্তমানেও চৰকাৰৰ পৰা প্ৰতিষেধক সন্দৰ্ভত চূড়ান্ত পত্ৰ পোৱা নাই ছেৰাম ইনষ্টিটিউটে ।  চূড়ান্ত পত্ৰ পোৱাৰ পাছতে নিৰ্দেশনা মতে প্ৰথমে জৰুৰীকালীন ক্ষেত্ৰসমূহত প্ৰতিষেধক সৰবৰাহ কৰা হ’ব । পুনাৱালাই জনাই যে,  প্ৰতিষেধকৰ কাৰ্যকৰীতা ৯০ শতাংশ হ’বলৈ হ’লে কম সময়ৰ ব্যৱধানৰ ভিতৰতে প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব জনসাধাৰণে ।

Exit mobile version