পল্লা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

WhatsApp Image 2021 01 04 at 6.05.48 PM 1

ছহিদসকলৰ আদৰ্শক মনত ৰাখিলেহে ছহিদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব

 

অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিবলৈ শান্তি সদ্ভাৱনা যাত্ৰা কৰি আজি গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে বাগছাৰ শালবাৰীৰ আনন্দ বজাৰত উপস্থিত হয় ৷ প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে আজি দিনৰ ১১ বজাত ভৱানীপুৰৰ পৰা বাগছাৰ শালবাৰীৰ আনন্দ বজাৰলৈ গৈ বজাৰখনৰ মাজেৰে বৈ যোৱা পল্লা নৈত চিতাভষ্ম আনুষ্ঠানিকভাৱে বিসৰ্জন দিয়ে ।

কংগ্ৰেছ নেতাগৰাকীয়ে পিতৃৰ চিতাভষ্ম পল্লা নৈত বিসৰ্জন দি উঠি দিনৰ প্ৰায় এক বজাত অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি উজান বৰবড়ীৰ সমাধিস্থলীত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁ অসম আন্দোলনৰ প্ৰথম ছহিদগৰাকীক স্মৰণ কৰি ছহিদসকলৰ আদৰ্শক মনত ৰাখিলেহে ছহিদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি কয়।

 

ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীৰ ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পন কৰি তেওঁ কয়, ‘অসমৰ ভাষা, সংস্কৃতি, অৰ্থনৈতিক বা সামাজিক ভবিষ্যতৰ বাবে যি চিন্তা কৰিছিল সেই চিন্তাৰ পৰা অনুপ্ৰাণিত হৈ আমি ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিম। ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ আদৰ্শ নৱ প্ৰজন্মই জীয়াই ৰাখিব লাগিব ।’

এই অনুষ্ঠানতে সাংসদ গগৈয়ে আজি ব্যক্তিগতভাৱে ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়াল আৰু ছহিদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ উন্নয়নৰ বাবে চল্লিশ হেজাৰ টকা শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়ায়।

বৰপেটা জিলা কংগ্ৰেছৰ সম্পাদক ধনজিৎ তালুকদাৰে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুস্থানত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দূৰ্গাদাস বড়োই ছহিদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি কয়, ‘ছহিদসকলে যিটো বিষয়ক লৈ প্ৰাণ আহুতি দিছিল সেই বিষয়টো আজিও নিস্পত্তি নহ’ল ৷ ৰাজনৈতিক দল আৰু নেতাসকলে যিটো ঐকান্তিকতা দেখুৱাব লাগিছিল সেই ঐকান্তিকতাৰ অভাৱত ছহিদসকলৰ আশা পূৰণ হোৱা নাই। ভৱিষ্যতে ছহিদসকলৰ আশা পূৰণ হোৱাৰ মই আশাবাদী ।’

উক্ত অনুষ্ঠানত ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰ, ছহিদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ প্ৰধান শিক্ষক নাৰায়ণ কলিতা, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, সাধাৰণ সম্পাদক তাইজউদ্দিন আহমেদ, ত্ৰৈলোক্য পাঠক, নিতুল দাস, বাগছা জিলা কংগ্ৰেছৰ সভাপতি ভূপেন দৈমাৰী, প্রবীণ কংগ্রেছ নেতা বিৰাজ কুমাৰ চৌধুৰী, নিজ-ভৱানীপুৰ জিলা পৰিষদৰ সদস্যা ৰাসিনা সৰকাৰ, প্রদেশ যুৱ কংগ্ৰেছৰ সম্পাদক দীপাংকৰ দাস, প্রদেশ আৰ টি আই বিভাগৰ সম্পাদক আতাব আলী আহমেদ, ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইনকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷

উল্লেখ্য যে আনন্দ বজাৰৰ পল্লা নৈৰ চিতাভষ্ম বিসৰ্জন ঘাটত উপস্থিত থাকি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, জননেতা তৰুণ গগৈৰ হেঁপাহ আছিল অন্তিমবাৰৰ বাবে তেওঁ অসমত ভ্ৰমণ কৰিবলৈ বিচাৰে আৰু আজি আমি সকলোৱে মিলি তেওঁৰ হেঁপাহ পূৰণ কৰিব খুজিছোঁ ৷ ৰাইজৰ বুকুত তৰুণ গগৈ চিৰতৰুণ হৈ আছে ৷ তাতকৈ বেছি আৰু কি লাগে আমাক ৷ ৰাইজৰ আবেগ আজিও তৰুণ গগৈৰ লগত আছে, ৰাইজৰ আশীৰ্বাদ পৰিয়ালৰ বাবে প্ৰসাদ ৷

চিতাভষ্ম বিসৰ্জন কাৰ্যসূচী আজি নামনি অসমত অন্ত পৰাৰ পিছত ছয় জানুৱাৰীৰ পৰা বৰাক উপত্যকাত আৰম্ভ হৈ ১২ তাৰিখত অন্ত পৰিব ৷ উল্লেখ্য যে গৌৰৱ গগৈয়ে ১২ জানুৱাৰীৰ পূৰ্বে কোনোধৰণৰ ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে ৷

গৌৰৱ গগৈৰ লগত সংগ দি কংগ্ৰেছ নেতা দুৰ্গাদাস বড়োৱে কয়, ‘আমি মহাজোঁট কৰিবলৈ গৈ আছো । এই মহাজোঁট বন্ধনৰ জৰিয়তে আগন্তুক দিনত আমি কংগ্ৰেছ দলে ২০২১ৰ বাবে কে’বাটাও কৌশল অৱলম্বন কৰিছো ৷ বিজেপিয়ে চাৰিখন বাজেটৰ এখনতো ত্ৰিশ শতাংশতকৈ বেছি কাম নকৰলে ৷ তেওঁলোকে ৭০ শতাংশ মানুহক ফাঁকি দিছে ৷ বিজেপি দলক পৰাজিত কৰিবলৈ হ’লে সকলো ৰাজনৈতিক দল এক হ’ব লাগিব ৷’

Exit mobile version