শ্বাহৰ দ্বিতীয় পর্যায়ৰ ভ্রমণতে নিশ্চিত হ’ব প্রার্থিত্বকেন্দ্রিক বিষয়

1600x960 1011124 home minister shah to visit kutch gujarat

অহা ২৭ জানুৱাৰীত বিজেপিৰ নির্বাচনী প্রস্তুতিৰ বুজ ল’বলৈ দ্বিতীয় পর্যায়ত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। সিদিনাই বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তিৰ অনুষ্ঠানে অনুষ্ঠিত হ’ব। কিন্তু বিধানসভা নির্বাচনলৈ মাজত মাত্র দুমাহ বাকী থাকিবলগীয়া অৱস্থাত শ্বাহ আহিবলগীয়া বিষয়টোহে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। শ্বাহৰ এই পর্যায়ৰ ভ্ৰমণতে নিশ্চিত হ’ব দলৰ বৰ্তমানৰ কোন কোন বিধায়কে প্রার্থিত্ব নাপাব।

কিয়নাে প্রতিজন বিধায়কৰ সমষ্টিৰ সকলাে দিশ তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁক প্রতিবেদন দাখিল কৰিবলৈ যােৱা অসম ভ্ৰমণৰ সময়ত ৰাজ্যিক বিজেপিৰ নেতৃত্বক শ্বাহে নির্দেশ দিছিল। সেই অনুসৰি,ৰাজ্যিক বিজেপিয়ে বিধায়কসকলৰ কাম-কাজৰ খতিয়ান গ্রহণ অব্যাহত ৰাখিছে। ইয়াৰ উপৰি শ্বাহে বিজেপিৰ দখলত নথকা সমষ্টিবােৰৰাে নির্বাচনকেন্দ্রিক সকলাে বিষয় তন্ন তন্নকৈ পর্যালােচনা কৰিব।

সেই সন্দৰ্ভতে তেওঁ ৰাজ্যিক বিজেপিৰ পৰা প্রতিবেদন বিচাৰিছে। শেহতীয়া অসম ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে জয়ৰ সম্ভাৱনা কম থকা কাকোৱেই প্রার্থিত্ব দিয়া নহ’ব। এই ক্ষেত্ৰত আপােচ নহয় বুলি বাৰম্বাৰ সকীয়াই দিয়ে। আনহাতে, অন্য দলৰ সমষ্টিৰ সন্দৰ্ভত বিজেপিয়ে এইবাৰ অসম গণ পৰিষদৰ কেবাটাও সমষ্টিত নিজে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে হিচাপ-নিকাচ অব্যাহত ৰাখিছে।

ইপিনে, বিৰােধী দলৰ দখলত থকা সমষ্টিবােৰৰ কোন কেইটাত কি ধৰণৰ প্রার্থী প্রক্ষেপ কৰা হ’ব তাৰ আলােচনাও এইবাৰৰ ভ্ৰমণতে হােৱাৰ সম্ভাৱনা আছে। কাৰণ প্ৰতিটো সমষ্টিৰ জনগাঁথনিৰ বিতং তথ্য দাখিল কৰিবলৈও শ্বাহে ৰাজ্যিক নেতৃত্বক নির্দেশ দিছে। এনেবােৰ কাৰণতে শ্বাহৰ আগন্তুক অসম ভ্ৰমণ কেৱল বিজেপিৰেই নহয় মিত্রদল আৰু বিৰােধী পক্ষৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Exit mobile version