বিটিচি নিৰ্বাচনৰ পাছত আজি প্ৰথমবাৰলৈ দিনৰ প্ৰায় এক বজাত বাগছা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কমলাবাৰীত উপস্থিত হয় বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী । দলটোৰ ১০ খনকৈ যুৱ বিপিএফ দলৰ জিলা কমিটীৰ সভাপতি আৰু সম্পাদকসকলৰ উপৰিও দলৰ ৪০ খনকৈ খণ্ড পৰ্যায়ৰ কমিটীৰ সভাপতি আৰু সম্পাদকসকলৰ সৈতে সভাখন অনুষ্ঠিত হয় ।
সভাখনত দলটোৰ আভ্যন্তৰীণ বিষয়ৰ লগতে ৰাজ্যখনত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে ল’বলগীয়া স্থিতি আৰু বিটিচিৰ ভূমি সমস্যাকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰা হয় ।
আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে কাৰ সৈতে মিত্ৰতা কৰিব, সেই বিষয়ে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত নোলোৱাৰ কথা দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে । তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে যাতে ১২ খন আসন লাভ কৰিব পাৰে, সেই বিষয়েও লক্ষ্য নিৰ্দ্ধাৰণ কৰা কথাও জানিব পৰা গৈছে ।
এই সভাতে বিটিচিবাসীৰ ভূমি পট্টা প্ৰদান বিষয়ক সমস্যাটোৰ সমাধানৰ লগতে বিটিচিবাসী ৰাজবংশী আৰু আদিবাসীসকলৰ সামগ্ৰীক উন্নয়নৰ বাবে জনগোষ্ঠীসমূহৰ সুকীয়াকৈ উন্নয়ন ব’ৰ্ড গঠন কৰা বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয় ।
অৱশ্যে আজিৰ এই সভাত বিপিএফ মূৰব্বীগৰাকীয়ে সাংবাদিকসকলক এৰাই চলাটোও পৰিলক্ষিত হয় ৷ সভাৰ সময়ত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰা সাংবাদিকক ফটো, ভিডিঅ’ সংগ্ৰহ কৰিবলৈও বাৰণ কৰে দলটোৱে ৷