এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট হ’ব চাহ বাগিচা

Republic Day 25

দেশৰ আগন্তুক ৭২ সংখ্যক গণৰাজ্য দিৱসত এইবাৰ অসমৰ প্ৰতীকপট হিচাপে জিলিকি উঠিব চাহ বাগিচাৰ কৃষ্টি-সংস্কৃতি । সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক যাদৱ শইকীয়াই এই কথা প্ৰকাশ কৰি ইতিমধ্যে ইয়াৰ যাৱতীয় পদক্ষেপ হাতত লোৱা বুলি কয় ।

উল্লেখ্য যে ‘ইমেজ ক্ৰিয়েচনে’ এই প্ৰতীকপট তৈয়াৰ কৰাৰ সমান্তৰালভাৱে সংগীত পৰিচালনা কৰিব ৰঞ্জিত গগৈয়ে ।

চাহ বাগিচাৰ এই প্ৰতীকপটত বিশেষকৈ চাহ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি লগতে জীৱনশৈলী দিল্লীৰ ৰাজপথত জিলিকি উঠিব বুলি আশা কৰা হৈছে ।

Exit mobile version