বঙাইগাঁও শোধনাগাৰৰ সন্মুখত বিভিন্ন দাবীৰ সমৰ্থনত আক্ৰাছু আৰু চিলাৰায় উন্নয়ণ মঞ্চৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

WhatsApp Image 2021 01 05 at 5.43.29 PM

আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধিনস্থ বঙাইগাঁও শোধনাগাৰৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍্যসুচী ৰূপায়ণ কৰে চিলাৰায় উন্নয়ণ মঞ্চ আৰু চিৰাং জিলা সমিতি আক্ৰাছুয়ে।

সংগঠন দুটাই থলুৱা লোকক নিযুক্তি দিয়াকে আদি কৰি বহি:শ্ৰমিক নিয়োগ বন্ধ কৰা,শ্ৰমিকৰ উপযুক্ত মজুৰী আদায় দিয়া, শ্ৰমিকৰ বিনামূলীয়া চিকিৎসাৰ ব‍্যাৱস্থা কৰা, শোধনাগাৰৰ চুবুৰীয়া অঞ্চলৰ উন্নয়ণ কৰা আদি ১৮ দফীয়া দাবী সম্বলিত স্মাৰক প্ৰদান কৰে শোধনাগাৰৰ পৰিচালনা কৰা মুখ‍্য মহাপ্ৰৱন্ধকক।

Exit mobile version