বাক্সাৰ শালবাৰীত বন বিভাগৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট

afb57408 2ee7 4311 a9c3 8344bb545962

114ed06b d275 4a07 af3f 318aba391a13

বিটিআৰত নতুনকৈ বন বিভাগৰ দায়িত্ব লাভ কৰিয়ে আজি বাক্সাৰ শালবাৰীৰ কালপানী,গোৱৰ্ধনা আদি অঞ্চলত আকস্মিক অভিযান চলায় একালৰ দুৰ্ধৰ্ষ এনডিএফবি নেতা তথা বৰ্তমান বিটিআৰৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই৷ অভিযানকালত অবৈধভাবে শিল-বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰ, জেচিবি, ট্ৰেক্টৰ আদি জব্দ কৰিবলৈ সক্ষম হয় কাৰ্যবাহী সদস্য গৰাকীসহ অভিযানকাৰী দলটোৱে৷এইফালে চাডেন ভিজিটৰ বাবে বন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকী আহি উপস্থিত হোৱাৰ খবৰ পোৱা মাত্ৰকে পলাই সাৰে ডাম্পাৰ,জেচিবি,ট্ৰেক্টৰৰ কেইবাজনো চালক-কৰ্মচাৰীৰ লগতে শিল বালি ব্যৱসায়ী৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বনবিভাগৰ উচ্চপদস্থ বিষয়াক পৰিচালনা কৰি অবৈধ ভাৱে শিল বালিৰ খনন চলোৱাৰ লগতে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহৰ বাবে শালবাৰী মহকুমাৰ বহু কেইটা স্থানত কেম্প বান্ধি লৈছিল চোৰাং ব্যৱসায়ীসকলে৷এই অবৈধ শিবিৰ সমুহত আজি অভিযান চলাই বিভিন্ন নথিপত্ৰ জব্দ কৰাৰ লগতে অবৈধ ভাৱে শিল বালিৰ চিণ্ডিকেট চলাই থকা অসাধু ব্যৱসায়ীক সঁকিয়নি প্ৰদান কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে৷ অভিযানৰ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত বন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কয়-“মই ভিজিট কৰিছোঁ৷মই মোৰ দ্বায়িত্ব পালন কৰিছোঁ৷ৰাইজে আমাক মৰম কৰিছে,ৰাইজে আমাক আদৰ কৰিছে,ৰাইজে আমাক নতুন চৰকাৰ গঠন কৰিবলৈ দিছে৷ৰাইজৰ হৈ কাম কৰাটো, ৰাইজৰ সেৱা কৰাটো আমাৰ দ্বায়িত্ব৷”

”আজি দেখিছোঁ প্ৰত্যেক ঠাইতে,প্ৰত্যেক জিলাতেই বিশেষকৈ বিটিআৰৰ চাৰিওখন জিলাতেই বন বিভাগত ইমান দুৰ্নীতি হৈ আছে মই বিভাগটোৰ এগৰাকী কাৰ্যবাহী সদস্য হিচাপে মনত দুখ পাইছোঁ, নিজেই লজ্জিত হৈছোঁ৷ য’ত শিল বালি খননৰ অৰ্ডাৰ নাই তাত শিল বালি খনন কৰিবলৈ দিছে,য’ত কাঠ সৰবৰাহ কৰা অৰ্ডাৰ নাই তাত দিনে নিশাই কাঠ সৰবৰাহ চলি আছে,চুকেকোণে বহি পৰিছে শ শ অবৈধ কাঠফলা মিল,য’ত ক্ৰেছাৰ মিল দিব নালাগে তাত ক্ৰাছিং কৰিবলৈ সুবিধা কৰি দিছে, ৰাইজৰ মাজত,গাঁৱৰ মাজত,স্কুল কলেজৰ ওচৰত সেইবোৰ কৰিবলৈ সুবিধা কৰি দিছে৷”

”শ্বো মিল বহুৱাবলৈ সুবিধা কৰি দিছে৷এইবোৰ বাৰুকৈয়ে দুৰ্ভাগ্যজনক,লজ্জাজনক৷যাৰ বাবে আমি সচেতন ৰাইজৰ সহযোগত ইয়াৰ বিৰুদ্ধে কার্যব্যৱস্থা ল’বলৈ ওলাইছোঁ৷আমি সদায় ভাল কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ,ৰাইজে আমাক এইক্ষেত্ৰত সহায় সহযোগ কৰিব লাগে৷আমি ৰাইজৰ বিৰুদ্ধে কেতিয়াও নাযাও৷ৰাইজে বিচাৰে আমি কাম কৰিব লাগে,উন্নয়ন হ’ব লাগে৷”

”কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয়-“বিটিআৰত কেইজনমান দালাল,কেইজনমান দাদাগিৰি কৰা লোক আৰু ধনী ব্যক্তিয়ে ৰাইজক ঠগ প্ৰবঞ্চনা কৰি ৰাইজৰেই সম্পত্তি শোষণ কৰি আহিছে, এইটো দুৰ্ভাগ্যজনক৷ আজি আমাৰ অভিযানৰ সময়ত বহুতেই গাড়ী এৰি পলায়ন কৰিছে,কিন্তু পলায়ন কৰিলেও কোনেও সাৰি যাব নাোৱাৰে,সকলোৰে গাড়ীৰ নম্বৰ মজুত আছে,সকলো দৃশ্য ভিডিঅ ৰেকৰ্ডিং কৰা হৈছে৷মুঠৰ ওপৰত আমি এক্সন ল’ম৷বিটিআৰত অদুৰ ভৱিষ্যতে যাতে বনবিভাগত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ’বলৈ নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিম৷”

Exit mobile version