সাংবাদিক পংকজ শৰ্মাৰ ‘কৰ’না বনাম ডঃ হিমন্ত’উন্মোচন

a72cfb39 bd03 4df6 b07a 4d6f2f638a96

লেখক তথা সাংবাদিক পংকজ শৰ্মাৰ তৃতীয় খন গ্ৰন্থ কৰ’না বনাম ডঃ হিমন্ত , ক’ভিড কুৰুক্ষেত্ৰ ৰ আঁৰত শীৰ্ষক গ্ৰন্থ খন আজি বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয়।দিছপুৰৰ নতুন বিধায়ক আৱাসগৃহৰ প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰে নিউজ লাইভ ৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰীৰ হুছেইন, জেষ্ঠ সাংবাদিক বেদব্ৰত বৰা, আৰু অৱসৰ প্ৰাপ্ত শিক্ষক তথা জেষ্ঠ সাংবাদিক পংকজ শৰ্মাৰ পিতৃ ভীমলাল শৰ্মাই।

গ্ৰন্থখন উন্মোচন কৰি জাৰীৰ হুছেইন এ কয়-এই গ্ৰন্থখনে কৰ’না কালৰ কঠোৰ সময়ৰ ছবি দাঙি ধৰিছে। এই কঠিন সময় চোৱাত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা পৰিশ্ৰম, ত্যাগ আদি অতি বিস্তৃত ভাবে দাঙি ধৰিছে। লগতে সাংবাদিক সকলে দেখুওৱা কষ্টৰো শলাগ লয় হুছেইন এ।অনুষ্ঠানত জেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই কয় -কৰণা কালত অতি মানৱীয় দৃষ্টিৰে কাম কৰিছিল স্বাস্থ্য মন্ত্ৰীৰ লগতে তেওঁৰ টিমে। কঠিন সময়চোৱাৰ প্ৰতিটো তথ্য যিধৰণে গ্ৰন্থ খনে দাঙি ধৰিছে সেয়া উত্তৰ প্ৰজন্মৰ বাবে এক দলিল হৈ ৰব।

উল্লেখ্য যে নিউজ লাইভৰ জেষ্ঠ সাংবাদিক পংকজ শৰ্মাই গ্ৰন্থ খনত কৰ’নাৰ সময়ত অসমৰ পৰা জাপান ৰ ভয়ংকৰ পৰিবেশ , সাংবাদিকৰ দায়িত্ব , ত্যাগ ৰ পৰা আমেৰিকা ৰ বিধ্বস্ত অৱস্থা লৈকে দাঙি ধৰিছে।বি এল পাব্লিকেচন এ প্ৰকাশ কৰা গ্ৰন্থখনৰ বেটুপাত অংকন কৰিছে তেজপুৰৰ ছাত্ৰী ঋত্বিকা বৰাই। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ বহুকেইজন সাংবাদিক, লেখকৰ লগতে বহু গণ্য মান্য লোক উপস্থিত থাকে। এই গ্ৰন্থ খনে পাঠক সমাজৰ ব্যাপক সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত প্ৰতিজন লোকে।

Exit mobile version