দেশীয় ভাৱে নিৰ্মিত কৰ’না ভাইৰাছৰ প্ৰতিষেধক গ্রহণ কৰা প্ৰথমগৰাকী মহিলা সাংবাদিক পূজা মাক্কাৰ সম্পূৰ্ণ সুস্থ হৈ আছে মঙ্গলবাৰে তেওঁ কয় যে তেওঁ সম্পূৰ্ণৰূপে সুস্থ আৰু স্বাভাৱিক হৈ আছে । প্ৰতিষেধক গ্ৰহণৰ ২০ঘণ্টা সময় বাগৰৰ পাছত পূজাই এইদৰে কয় ।
ADVERTISEMENT
উৰাবাতৰিত কান নিদিৱলৈ আহ্বান জনাইছে পূজাই । “প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত । উদ্বগৰ কোনো কাৰণ নাই। মানুহক চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ অনুৰোধ জনাইছো।”দিল্লীৰ এইমছত সোমবাৰে বিয়লি দুই বজাৰ পাছত পূজাৰ প্ৰতিষেধক প্ৰদান কৰা হয় । ২৮ দিনৰ পাছত তেওঁক দ্বিতীয় পালি ক’ভাক্সিন দিয়া হব