ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদন

jpg 1

ভাৰত-চীন সীমান্তত পিপ’লছ লিবাৰেছন আর্মিয়ে এনে ধৰণৰ কিছু অস্ত্র ব্যৱহাৰ কৰিছে যিবিলাক প্রথাগত  নহয়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ এক প্রতিবেদনত এই দাবী কৰা হৈছে। মন্ত্রণালয়ৰ আভ্যন্তৰীণ প্রতিবেদনত দাবী কৰা হৈছে যে এনে কাৰণতে সীমান্তৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ভাৰতে ইয়াৰ প্ৰতিবিধান কল্পে সীমান্তত টেংক তথা বন্দুকধাৰী সেনা নিয়ােগ কৰিছে। ২০২০ত চীনৰ লগত সৃষ্টি হােৱা সীমান্ত সমস্যাক লৈ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্রণালয়ে এনেদৰেই পর্যবেক্ষণ আগবঢ়াইছে।

প্রতিক্ষা মন্ত্রণালয়ৰ বার্ষিক পর্যালােচনাত প্ৰকাশ পাইছে। এই তথ্য। কেন্দ্রীয় প্রতিক্ষা মন্ত্রণালয়ৰ পক্ষৰ পৰা জনােৱা অনুসৰি পূব লাডাখ সীমান্তত চীনে স্থিতাৱস্থা পৰিৱৰ্তনৰ চেষ্টা কৰি আছে। এই ক্ষেত্ৰত চীনৰ উচটনিমূলক আচৰণে পৰিস্থিতিক অধিক জটিল কৰিছে। প্রকৃত নিয়ন্ত্রণ ৰেখাত পৰিস্থিতি নিয়ন্ত্রণত ৰখাৰ লগতে পূব লাডাখত শান্তি ৰক্ষা কৰাত অধিক কঠোৰ হৈছে। চীনক দোষাৰােপ কৰি এই বিষয়ত।

ভাৰতে জনােৱা অনুসৰি ভাৰতীয় সেনাই দুয়ােখন দেশৰ মাজত হােৱা চুক্তিক মান্যতা দি আহিছে; কিন্তু চীনা সেনাই পৰিস্থিতি অধিক জটিল অৱস্থালৈ নি অস্ত্র ব্যৱহাৰৰ সুযােগ বিচাৰি আছে। প্রতিক্ষা মন্ত্রণালয়ৰ প্রতিবেদনত কোৱা হৈছে যে ২০ জন ভাৰতীয় জোৱানে চীনৰ অনুপ্ৰৱেশ ৰােধ কৰিবলৈ গৈ ভাৰত-চীন সীমান্তত প্রাণ হেৰুৱাইছিল। চীনে হেৰুৱাবলগীয়া হৈছিল ৪৩ জন সেনা জোৱান।

অৱশ্যে সমগ্র ঘটনাটোৰ বাবে চীনক দোষাৰােপ কৰিছে ভাৰতে। বছৰটোৰ অন্তত কৰা পর্যালােচনাত ওলাই পৰিছে চীনা সেনাই ভাৰতীয় ভূখণ্ডত কিদৰে প্ৰৱেশত চেষ্টা কৰি আছে। যােৱা আগষ্টত কিদৰে সীমান্তৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল সেই বিষয়টো ব্যাখ্যা দাঙি ধৰা হয়। প্রতিবেদনত এই কথাও কোৱা হৈছে যে শীতকালত যাতে সীমান্ত সমস্যা নহয় সেয়েহে সীমান্তত শীতৰ পূর্বেই সকলাে প্রয়ােজনীয় সামগ্রী সঞ্চয় কৰা হৈছে। চীনৰ দ্বাৰা সমস্যাৰ সৃষ্টি কৰিলে সন্মুখীন হ’ব পৰাকৈ সাজু হােৱাৰ লগতে পৰিস্থিতিৰ ওপৰতাে সতর্কতাৰে দৃষ্টি ৰাখিছে। অৱশ্যে পৰিস্থিতি শান্ত কৰাৰ উদ্দেশ্যে দুয়ােখন দেশৰ মাজত সম্প্রতি আলােচনা অব্যাহত আছে।

Exit mobile version