শিলচৰত চিকিৎসকৰ হেমাহিৰ বাবে প্ৰাণ হেৰুৱালে কন্যা সন্তানে

109128353 shakenbaby index getty 2

শিলচৰ মেডিকেল কলেজত একেখন বিছনাতে ৰখা হৈছে দুগৰাকী প্ৰসূতিক, চিকিৎসকৰ হেমাহিৰ বাবে কন্যা সন্তানৰ মৃত্যু । নিৰব ভূমিকাত স্বাস্থ্য বিভাগ । গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ সুৰক্ষাক লৈ চৰকাৰে কেইবাখনো আঁচনি ৰূপায়ণ কৰিলেও বাস্তৱত ভেকোঁভাওনাত পৰিণত হৈছে এনে সকলো আঁচনি।

স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালত এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছতে সন্তানটোৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰসূতি বিভাগত এখন বিছনাৰে দুগৰাকীকৈ প্ৰসূতিক ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে। এই কার্যক লৈ প্ৰসূতিৰ পৰিয়ালে চিকিৎসক-নাৰ্ছৰ ওচৰত অভিযোগ দাখিল কৰিলেও চিকিৎসক-নাৰ্ছৰ পৰা দুৰ্ব্যৱহাৰহে লাভ কৰিবলগা হৈছে।

একেখন বিছনাতে দুগৰাকীকৈ প্ৰসূতিয়ে প্ৰসৱ যন্ত্ৰণাত চটফটাই থকাৰ পিছতো চিকিৎসক-নাৰ্ছে কোনো সঠিক চিকিৎসা প্ৰদান নকৰাৰ বাবেই নিয়তী শুক্লবৈদ্য নামৰ প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়েই কন্যা সন্তানটো মৃত্যুমুখত পৰে বুলি অভিযোগ তুলিছে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে লগতে চিকিৎসালয়খনৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ ওচৰতো দাবী জনাইছে প্ৰসূতিগৰাকীৰ পৰিয়ালে।

Exit mobile version