অত্যাধুনিক গেৰেজত বিৰাজমান বেন্টলি হেমাৰৰ দৰে অতি বিলাসী বাহনো

expensive gifts Adar Poonawalla Batmobile for his son

কমিক্ছ‌‌‌‌‌‌ৰ ছুপাৰহিৰ বেটমেনৰ ছুপাৰকাৰ বেটম’বাইল। কিচকিচিয়া কলা ৰঙৰ এখন আচহুৱা প্ৰকৃতিৰ গাড়ী।এইখন গাড়ীত বিৰাজমান হৈয়েই অন্যায়ৰ বিৰুদ্ধে সংগ্রাম কৰে বেটমেনে। পৰৱর্তী সময়ত বেটমেনৰ সেই গাড়ীৰ প্রতিকৃতি একাধিকবাৰ বাস্তৱৰ পথত দেখা গৈছে। কেতিয়াবা যদি নিউয়ৰ্কৰ ৰাস্তাত, কেতিয়াবা মস্কোৰ ব্যস্ত জনপথত;আকৌ কেতিয়াবা ভাৰতৰ পুণেতাে পথচাৰীৰ চকুত চমক লগাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে।

পুণেৰ ৰাস্তাত সেই কাল্পনিক কাহিনীৰ গাড়ীখন লৈ ঘূৰি ফুৰা লােকজনেই হৈছে। সম্প্রতি কৰ’না প্রতিষেধকৰ বাবে সকলােৰে মুখে মুখে নাম উচ্চাৰিত হােৱা ছেৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুণাৱালা ২০১৫ত ছবছৰীয়া জন্মদিনত পুত্ৰক সেই কল্পনাৰ গাড়ীত উঠাই এপাক ফুৰাই অনা দেখা গৈছিল পুণাৱালাক। দিন-দুপৰতে ৰাস্তাত এনে আচহুৱা গাড়ী এখন ঘূৰি ফুৰা প্রত্যক্ষ কৰি সেইদিনা পুণেৰ মানুহ আচৰিত হৈ পৰিছিল।

নিমিষতে গাড়ীখনৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। প্রায় ৪০ বছৰীয়া পুণাৱালাৰ জীৱনযাত্রাক আক্ষৰিক অর্থতেই ৰূপকথাৰ পাতৰ পৰা তুলি অনা ৰাজকুমাৰৰ কাহিনীৰ স’তে তুলনা কৰিব পাৰি। লেছ ৰয়চ, ফেৰাৰী, মার্চিডিজ, বেন্টলি, লেম্বৰঘিনি, হেমাৰৰ দৰে অতি মূল্যবান ব্ৰেণ্ডৰ আধুনিকতম গাড়ীৰে ভর্তি হৈ আছে পুণাৱালাৰ বিলাসী গেৰেজ। লগতে আছে। ‘ভিন্টেজ’ গাড়ীৰ চকু কপালত তুলিব পৰা সম্ভাৰ।

‘বেটমেন ভাছেছ ছুপাৰমেন’আৰু ‘ছুইচাইড স্কোয়াড’ নামৰ হলিউদৰ ছবি দুখনত বেটমেনৰ গাড়ীখন যি ৰূপত দেখুওৱা হৈছিল,সেই বেটম’বাইলৰ দৰে দেখিবলৈ হুবহু গাড়ীও আছে তেওঁৰ সংগ্রহত। পুণাৱালাৰ সেই গাড়ীখন আচলতে এখন বহুমূলীয়া মাৰ্চিডিজ বেঞ্জ (এছ ক্লাছ)। এই মার্চিডিজ-এছ ৩৫০খনৰ মূল্য প্রায় ন কোটি টকা। তাৰ উপৰি আৰু ৪০ লাখ টকা ব্যয় কৰি শিশু পুত্ৰৰ মনােৰঞ্জনৰ বাবে তেওঁ গাড়ীখনৰ সংস্কাৰ কৰি লৈছিল।

ঠিক বেটম’বাইলৰ দৰে সংস্কাৰ কৰি তেওঁ পুত্ৰৰ জন্মদিনত উপহাৰ দিছিল। পুণাৱালাই সচৰাচৰ গাড়ীখন চলাই নুফুৰে। কেতিয়াবা বন্ধু-বান্ধৱৰ স’তে আৰু কেতিয়াবা পুত্রসহ তেওঁ গাড়ীখন লৈ ৰাস্তালৈ ওলায়। এই গাড়ী চলােৱাৰ সময়ত চালকে বেটমেনৰ দৰে পােছাক পৰিধান কৰে। আমেৰিকাত আগতে এই ধৰণৰ একাধিক গাড়ী তৈয়াৰ কৰা হৈছিল; কিন্তু ভাৰতত সম্ভৱতঃপুণাৱালাৰ গেৰেজতে এনে গাড়ী দেখা পােৱা যায়। বেটম’বাইল গাড়ীৰ সন্মুখ, পাছফালে আৰু দুয়ােকাষত মুঠ চাৰিটা এইছডি কেমেৰা সংলগ্ন আছে।

ছবিত দেখুওৱাৰ দৰেই গাড়ীৰ ওপৰৰ হুডৰ স্লাইড খুলি দিব পাৰি। চকাসমূহাে আকাৰত সৰু কৰা হৈছে। বেটম’বাইল গাড়ীৰ ৰূপ ধাৰণ কৰাৰ বাবেই এই পৰিৱর্তন সাধন কৰা হৈছে। গাড়ীখনৰ নক্সা প্রস্তুত কৰাৰ সময়ত অভিযন্তাসকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পথৰ কথাও মনত ৰাখিবলগীয়া হৈছিল। ভাৰতৰ পথত যাতে গাড়ীখন চলাবলৈ কোনাে অসুবিধা নহয়,সেই বিষয়টোৱেই সবাতােকৈ অধিক গুৰুত্ব লাভ কৰিছিল।

গাড়ীখন যদিও বাহিৰৰ পৰা দেখিবলৈ বেটম’বাইলৰ দৰে,ভিতৰখন সম্পূর্ণৰূপে মার্চিডিজ। ভিতৰফালে কোনাে পৰিৱৰ্তন কৰা নাছিল। গাড়ীখনত চাৰিজন লােক বহিব পাৰে। ফাইবাৰ কাঁচৰ স’তে মেটেল ফ্লেমিঙৰ দ্বাৰা গাড়ীৰ গা অংশ নিৰ্মাণ কৰা হৈছে। গাড়ীখন তৈয়াৰ কৰিছিল মুম্বাইৰ এটা গাড়ী নির্মাণকাৰী কোম্পানীয়ে। গাড়ীখন এক্সকুছিভ, অর্থাৎ কেৱল পুণাৱালাৰ বাবেই এই গাড়ীখন তৈয়াৰ কৰা হৈছিল।আন কোনাে গ্রাহকৰ বাবে কোম্পানীটোৱে এই মডেল প্রস্তুত কৰিবলৈ ৰাজি নহয় বুলিও জনাইছে।

Exit mobile version