বটদ্ৰৱা থানত গুৰুজনাৰ আশিস গ্রহণ কৰে লুৰীণজ্যোতি গগৈয়ে

Screenshot 174

আজি বটদ্ৰৱা থানত গুৰুজনাৰ আশিস গ্রহণ কৰে লুৰীণজ্যোতি গগৈয়ে

বিধান সভা নিৰ্বাচনলৈ মাজত মাত্র আৰু কেইটামান দিনা বাকী থকাৰ প্ৰাক-মুহূৰ্তত এতিয়া বটদ্ৰৱা থানলৈ দিনে নিশাই আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ ।সকলোৰে লক্ষ্য, গুৰুজনাৰ আশিস লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা। আজি মহাপুৰুষ শ্ৰীমন্তশংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশিস গ্ৰহণ কৰে লুৰিণজ্যোতি গগৈয়ে।

গুৰুজনাৰ আশিস গ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, মহাপুৰুষ গুৰুজনাৰ দৰ্শন আৰু আদৰ্শক সৰোগত কৰি আমি অনাগত দিন আগবাঢ়ি যাব লাগিব।বটদ্ৰৱা থানলৈ বিভিন্ন সময়ত চৰকাৰে ধন আৱণ্টন দিয়ে যদি এটা চক্রৰ দুৰ্নীতি সংঘটিত কৰি অহা বিষয়টো সচাঁকৈয়ে দুৰ্ভাগ্যজনক।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, অসমত দুটা সভ্যতাৰ যুঁজ হ’ব, এটা হ’ল যিয়ে বিদেশীক ৰক্ষাণাবেক্ষণ দি সাম্প্ৰদায়িকৰ বিষবাষ্প বিয়পাইছে সেই সভ্যতাৰ লগত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা ৰাজনৈতিক দলৰে।লগতে ৰাষ্ট্ৰীয় সাম্প্রদায়িক ৰাজনৈতিক শক্তি লগত অসম জাতীয় পৰিষদ কেতিয়াও লগ নহয় বুলি স্থিতি স্পষ্ট কৰে ।

Exit mobile version