আমেৰিকাত কৰ’না প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াক লৈ সমস্যাৰ সৃষ্টি

5fd953fe6524f10019792419

আমেৰিকাত কৰ’না প্ৰতিষেধক দিয়াৰ পাছতে প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সমস্যাই দেখা দিছে । আমেৰিকাত সাধাৰণ লোকক মডাৰ্না আৰু ফাইজাৰৰ প্ৰতিষেধক দিয়াৰ পৰিকল্পনা কৰা হৈছে । আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰক সংস্থা চিডিচিয়ে পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ ওপৰত পৰ্যৱেক্ষণ কৰিছে । যিসকলৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকক প্ৰতিষেধকৰ দ্বিতীয় ডোজ গ্ৰহণৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ।

সূত্ৰ অনুসৰি, চিডিচিয়ে সম্প্ৰতি ২৮ জন ‘এনাফেলিক্সিছ এলাৰ্জি’ত আক্ৰান্তৰ সন্ধান পাইছে । তেওঁলোকে ফাইজাৰৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ শৰীৰত এই পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মডাৰ্নাৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কিছু সংখ্যক লোকৰ শৰীৰত প্ৰতিক্ৰিয়াই দেখা দিছে ।প্ৰশাসনে দিয়া তথ্য অনুসৰি, গড়ে প্ৰতি ১০ লাখৰ ভিতৰত ১১ জনৰ শৰীৰত প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কালি চিডিচিয়ে প্ৰকাশ কৰা সাপ্তাহিক গৱেষণাৰ তথ্য অনুসৰি, ১৪ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰৰ ভিতৰত ২১ জন এনাফেলিক্সিছ ৰোগীৰ সন্ধান পোৱা গৈছে । কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ ১৫ মিনিটৰ পাছতে ৭১ শতাংশ লোকৰ শৰীৰত এই পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।৮৬ শতাংশ লোকৰ শৰীৰত প্ৰতিষেধক গ্ৰহণ কৰাৰ আধাঘণ্টা পাছত পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিছে । ৮১ শতাংশৰ শৰীৰত দেখা গৈছে যে তেওঁলোক পূৰ্বৰ পৰাই এলাৰ্জিত আক্ৰান্ত । এলাৰ্জিত প্ৰভাৱিত হোৱা ৯০ শতাংশই মহিলা ।

Exit mobile version