কৰ’না প্ৰতিষেধক গ্ৰহণৰ পাছতে দুই স্বাস্থ্যকৰ্মীৰ মৃত্যু

DEUQYUUH3PGMDHSNVXAQCNXDIM

বিশ্বৰ বিভিন্ন দেশত আৰম্ভ হােৱা টিকাকৰণে আশাৰ সঞ্চাৰ কৰিছে। অতিমাৰীৰ কবলৰ পৰা মুক্তিৰ আশাই সকলােকে সকাহ দিছে। এনে সময়তে প্রতিষেধক গ্ৰহণৰ পাছত নৰৱেৰ দুজনকৈ স্বাস্থ্যকর্মী মৃত্যুৱে পুনৰ মানুহৰ মনৰ।আকাশখনলৈ কলীয়া ডাৱৰ মাতি আনিছে। স্বাভাৱিকতে শংকিত হৈ পৰিছে বিজ্ঞানী আৰু চিকিৎসকসকলাে। ফাইজাৰৰ প্রতিষেধক গ্ৰহণৰ কিছুদিনৰ ভিতৰতে এই স্বাস্থ্যকর্মীদ্বয়ৰ মৃত্যু হয়।

কিছুদিন পূর্বে পর্তুগালতাে অনুৰূপ ঘটনা ঘটিছিল। প্রতিষেধক গ্রহণৰ দুদিনৰ পাছতে পর্তুগালত এটি শিশুৰ মৃত্যু হৈছিল। এই ধৰণৰ মৃত্যুৰে স্বাভাৱিকতে চিকিৎসকসকলক চিন্তান্বিত কৰি তুলিছে। ইয়াৰ পূর্বে। ফাইজাৰ প্রতিষেধকৰ পৰীক্ষাৰ সময়ত বহুতে পার্শ্বপ্রতিক্রিয়াৰ অভিযােগ কৰিছিল। কিন্তু প্রতিষেধক ল’লে মৃত্যু হােৱাৰ সম্ভাৱনা সন্দৰ্ভত নৰৱেইন মেডিচিনছ এজেন্সী’ৰ সঞ্চালক ষ্টেইনাৰ মেডছেনে এক বিবৃতিযােগে কয়, “আমি চালিজাৰি চাব লাগিব যে প্রতিষেধক কাৰণেই মৃত্যু হৈছে নেকি? নে সমগ্র ঘটনাই কাকতালীয়ভাৱে ঘটিছে? মেডছেনে লগতে কয় যে ইতিমধ্যেই বহু বৃদ্ধ লােকেও প্রতিষেধক প্রথম পালি গ্রহণ কৰিছে।

যিহেতু তেওঁলােকৰ ক্ষেত্ৰত এই ধৰণৰ কোনাে ঘটনাৰ অভিযােগ উঠা নাই, গতিকে এই দুজন স্বাস্থ্যকর্মীৰ মৃত্যু কাকতালীয় হ’ব পাৰে বুলিয়ে তেওঁ ধাৰণা কৰিছে। উল্লেখ্য যে মৃত্যুৰ কাৰণ সন্দৰ্ভত উক্ত সংস্থাৰ স’তে যৌথভাৱে নৰৱেৰ নেচনেল ইনষ্টিটিউট অৱ পাব্লিক হেলথ’-এ তদন্ত কৰিছে। উল্লেখ্য যে ফাইজাৰৰ প্রতিষেধকক কেন্দ্ৰ কৰি পূর্বেও বিতর্কৰ সূত্রপাত ঘটিছিল। ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া এলবার্ট বােৰলাই জনাইছিল যে প্রতিষেধক গ্রহণৰ পাছত লােকসকলৰ পৰা আনৰ শৰীৰলৈ কৰ’না সংক্রমিত নহ’ব বুলি নিশ্চিতভাৱে ক’ব পৰা হােৱা নাই।

তেওঁৰ এই মন্তব্যয়ে যথেষ্ট বিতর্ক সৃষ্টি কৰিছিল। ইপিনে, নৰৱেৰ প্ৰধানমন্ত্রী এর্ণা ছ’লবার্গে যােৱা সপ্তাহৰ শেষত ঘােষণা কৰিছে যে সংক্রমণ ৰােধ কৰিবলৈ দেশত নতুনকৈ কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হ’ব। বিশেষকৈ ৰেস্তোৰাঁ আৰু বাৰত। সুৰাৰ যােগান বন্ধ ৰখা হৈছে।কোনাে পৰিয়ালে নিজগৃহলৈ অতিথিক আমন্ত্রণ কৰি পাৰ্টিৰ আয়ােজন কৰিব নােৱাৰিব বুলি প্রধানমন্ত্রীজনে স্পষ্ট কৰি দিছিল। সেইদৰে বাহিৰৰ পৰা কোনােবাই নৰৱেত প্ৰৱেশ কৰিবলৈ হ’লে তেওঁ কভিড-১৯ নিগেটিভ প্রমাণপত্র দেখুৱাব লাগিব।

Exit mobile version