গােলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰামুখৰ এদল যুৱকে কৃষি কর্মৰে উজ্জ্বল কৃষি বিপ্লৱৰ নিদর্শন দাঙি ধৰিছে৷

farming

গােলাঘাটত হাতী খেদি-পথ সাজিও সেউজীয়া কৰিছে ধনশীৰিৰ পাৰ লাও, বেঙেনা, কবি, বিলাহীৰ খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন গােলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰামুখৰ এদল যুৱকে কৃষি কর্মৰে উজ্জ্বল কৃষি বিপ্লৱৰ নিদর্শন দাঙি ধৰিছে৷ জিলা সদৰ গােলাঘাটৰ পৰা মাত্র পাচ কিলােমিটাৰ নিলগত এচাম যুৱকৰ দলে বছৰ বছৰ ধৰি ধনশীৰিৰ পাৰ সেউজীয়া কৰি স্বাৱলম্বী হােৱাৰ লগতে দেশৰ অর্থনীতি টনকিয়াল কৰি আহিছে ৷

মৰঙিৰ থুৰামুখৰ এক প্ৰকাৰ দুৰ্গম চৰ-চাপৰিত দিনৰ পাছত দিন ধৰি খেতি কৰি আহিছে৷ বছৰত দুই-তিনি তৰপীয়া খেতি কৰি শাক-পাচলি উৎপাদন কৰি গৃহ জিলাৰ লগতে অসমৰ ভিন্ন জিলালৈ প্ৰেৰণ কৰি আহিছে৷ আনকি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈকো পাচলি যােগান ধৰি আহিছে যুৱকৰ দলে। প্রতিবছৰে ধান খেতিৰ পাছতে বিভিন্ন পাচলি; যেনে- বন্ধা কবি ,ফুল কবি, ওলকবি, ব্রুকলি, বেঙেনা, বিলাহী, ৰঙা লাও, জাতি লাও উৎপাদন কৰে৷ তদুপৰি, বাৰিষাৰ সময়তাে কৰে বিভিন্ন পাচলিৰ উৎপাদন।

এই কৃষি কর্মৰ জৰিয়তে লাভান্বিত হােৱাৰ লগতে আন বহুজনক কর্ম সংস্থাপনৰ সুবিধা দিছে৷ এওঁলােকৰ লগতে লিকচন, বেবেজীয়া, কাঠকটিয়া তিনি গাঁৱৰ শতকৰা ৮০ শতাংশ লােক জৰিত হৈ আছে এই কৃষি কর্মত৷ কাষৰীয়া ৰঙাজান সাপ্তাহিক বজাৰ আৰু দেওবৰীয়া বজাৰৰ লগতে অসমৰ বহু কেইখন জিলাৰ চাহিদা পূৰ কৰি আহিছে ।নিজৰ উৎপাদিত শস্যৰ পৰিবহনৰ সুবিধাৰ বাবে প্রতিবছৰে নিজৰ হাতৰ ধন ভাঙি সাজি লয় একমাত্র পথটোও।

এইবছৰাে পথটো নির্মাণ কৰি লৈছে ৰাইজে হাতে-কামে লাগি; হাতৰ ধন ভাঙি। তথাপি ভাগৰি পৰা নাই এই সকল কৃষক, কিয়নাে পথাৰৰ সেউজীয়াৰ স’তে আছে এওঁলােকৰ আজন্ম প্রেম তদুপৰি, এটা শীতলীকৰণ গৃহৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে কৃষক সকলে৷ কিয়নাে বতৰৰ উৎপাদিত সামগ্রী বিক্ৰী কৰিবলৈ ৰখাৰ অসুবিধাৰ বাবে কেতিয়াবা গেলিবলৈ ধৰে, কেতিয়াবা ততাতৈয়াকৈ আধামুল্যতে বিক্ৰী কৰিব লগাত পৰে বুলি প্ৰকাশ কৰে৷ ফলশ্রুতিত অভাৱনীয় লােকচানৰ সন্মুখীন হ’ব লগা হয়। ইপিনে, আলু আদিৰ সচ ৰাখিবৰ বাবে প্ৰতিবছৰে ঢপলিয়াব লাগে যােৰহাট জিলাৰ মৰিয়নীলৈ।

পিছে কৃষক সকলৰ এনেবােৰ অভাৱ নাইবা সমস্যাৰ কথা ভাবিবলৈ বিয়াগােম কৃষি বিভাগটোৰ আহৰিয়েই নাই বুলি দুখ প্রকাশ কৰে কৃষকসকলে লগতে বিজুলী সংযােগৰ অভাৱৰ সমস্যাও বাৰুকৈয়ে অনুভৱ কৰে এই সকল কৃষকে। আনহাতে বছৰৰ বিভিন্ন সময়ত অহা বন্যহাতী খেদিও কৰি আছে কৃষি । নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক-জাক হাতীৰ উপদ্রব প্রতিৰােধৰ বাবে নাই কোনাে ব্যৱস্থা, অথবা ক্ষতিপূৰণ।

একোটাকৈ চার্জ লাইট, নাইবা টঙী ঘৰ সাজি দিয়া নাইবা সৌৰশক্তিৰ লাইটৰ ব্যৱস্থা কৰা আৱশ্যক যদিও কোনে জগাব সুখ নিদ্ৰাত নিমগ্ন বিভাগ বােৰক৷ ইফালে পি এম কিষানৰ ধনাে বহু সংখ্যক কৃষকে পােৱা নাই বুলিও জানিবলৈ দিয়ে কৃষসকলে তথাপিও উচ্চ শিক্ষিত যুৱ কৃষক দলে হাৰ মনা নাই; ভাগৰিও পৰা নাই৷ তেওঁলােকে কয়, ‘আমাৰ বােপাককাই এই মাটি আবাদ কৰিছিল কৃষি কর্মৰে, দেউতাহতে কৰিছে আৰু আমিও এই ধৰাবাহিকতা ৰাখিম’ নিশ্চিতভাৱেই এইদল যুৱ কৃষকে বাছি লােৱা পথ মানৱ সমাজৰ বাবে আদৰ্শৰ নিদর্শন স্বৰূপ হৈ পৰিছে৷

Exit mobile version