- NIA ৰ ১৩/২০১৯ নম্বৰৰ গোচৰত জামিন নাকচ অখিল গগৈৰ
- দীঘলীয়া শুনানীৰ অন্তত ৰায়দান খণ্ড বিচাৰপীঠৰ
- ন্যায়াধীশ কে আৰ চূড়ানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰেৰে গঠিত খণ্ড বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়দান
- অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ স্বপ্ন ভংগ অখিল গগৈৰ
- সুদীৰ্ঘ ৩৭৩দিন ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতাজন
- মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ
- ২০১৯ ৰ ১৭ ডিচেম্বৰত NIA ই গ্ৰেপ্তাৰ কৰিছিল গগৈক
- যোৰহাটৰ পৰা NIA ই গ্ৰেপ্তাৰ কৰিছিল গগৈক
- ভাৰতীয় দণ্ডবিধিৰ ১২০(খ)/১২৪(ক)/১৫৩(ক) আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/৩৯ ধাৰাৰ অধীনত
- গোচৰ ৰুজু NIA ৰ
- গগৈৰ বিৰুদ্ধে SI মনোৰঞ্জন মজুমদাৰৰ এজাহাৰ দাখিল চানমাৰি থানাত নিজাববীয়াকৈ গোচৰ ৰুজু আৰক্ষীৰ
- চানমাৰি থানাত সতীৰ্থসহ গগৈৰ বিৰুদ্ধে ১৬৮৮/২০১৯ নম্বৰত গোচৰ ৰুজু আৰক্ষীৰ
- ২০১৯ ৰ ১৪ ডিচেম্বৰত ৰুজু হৈছিল এই গোচৰ
- এই গোচৰটো পৰৱৰ্তী সময়ত NIA লৈ হস্তান্তৰ কেন্দ্ৰৰ
- অখিল গগৈৰ উপৰি পাঁচজনৰ নাম উল্লেখ এজাহাৰত
- অনুৰূপ গোচৰত গ্ৰেপ্তাৰ হৈছিল ধৈৰ্য্য কোঁৱৰ
- কোঁৱৰ কৃষক মুক্তিৰ যুটীয়া সাধাৰণ সম্পাদক
- গ্ৰেপ্তাৰ হৈছিল বিতু সোনোৱাল, মানস কোঁৱৰো
- দুয়ো ছাত্ৰ মুক্তিৰ ক্ৰমে সভাপতি- কাৰ্যকৰী সভাপতি
- পৰৱৰ্তী সময়ত কেউজনে লাভ কৰে জামিন
- এজাহাৰত নাম আছিল লক্ষ্যজিৎ গগৈৰো নাম
- লক্ষজিৎ গগৈ কৃষক মুক্তিৰ উপ-সভাপতি
- অনুৰূপ গোচৰত জেৰাৰ সন্মুখীন হৈছিল IIT,Gৰ অধ্যাপকো
- জেৰাৰ সন্মুখীন হোৱা IIT,G ৰ অধ্যাপকজন হৈছে অৰূপজ্যোতি শইকীয়া
- জেৰাৰ সন্মুখীন হৈছিল কৃষক মুক্তিৰ ভালেসংখ্যক নেতা-কৰ্মীও
- নিৰ্বাচনৰ প্ৰাকক্ষণত অখিল গগৈৰ জামিন লাভে বহন কৰিছে বিশেষ তাৎপৰ্য
- বৰ্তমানে GMCH ত চিকিৎসাধীন হৈ আছে অখিল গগৈ।