আজি বঙাইগাঁও জিলাস্থিত বীৰঝোৰা পাবলিক লাইব্ৰেৰীত জিলা প্ৰশাসনে অৱসৰপ্ৰাপ্ত লোকৰ বাবে আয়োজন কৰে এক বিশেষ অনুষ্ঠান কৃতজ্ঞতা আঁচনীৰ আৰম্ভণি। অসম চৰকাৰৰ কৃতজ্ঞতা আঁচনীৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী ।
এই কৃতজ্ঞতাৰ জৰিয়তে জিলাখনৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সকলে অসৱৰকালিন সময়ত হৈ অহা হাৰাশাস্তি লাঘব হব। কৰ্মচাৰী সকলৰ অৱসৰৰ এবছৰ পুৰ্বৰে পৰাই প্ৰস্তুতি চলাব বিভাগীয় ভাৱে আৰু অৱসৰৰ লগে লগে অৱসৰকালিন সকলো সুবিধা ভোগ কৰিব পাৰিব অসৱৰ প্ৰাপ্ত লোক সকলে।
প্ৰথম অৱস্থাত অনুষ্ঠানত জিলাখনৰ কেৱল শিক্ষা বিভাগৰ লোকক সামৰি লোৱা হৈছে যদিও পৰ্য্যায়ক্ৰমে সকলো বিভাগক সামৰি লোৱাৰ কথাও জনায় বিভাগীয় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।
অনুষ্টানত পেঞ্চন বিভাগৰ কাৰিকৰি সঞ্চালক,এন আই চিৰ বিষয়া, জিলাখনৰ উপায়ুক্ত ডা° এম এচ লক্ষ্মীপ্ৰিয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া,লগতে অন্যান্য বিভাগীয় মুৰব্বী সকল আৰু বিভিন্ন বিদ্যালয়ৰ মুৰব্বী সকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক সকল উপস্থিত থাকে। অনুষ্টানত ২৩ জন অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক অৱসৰকালিন সা-সুবিধাৰ প্ৰমানপত্ৰ বিতৰণ কৰে।