মেধাৱী ছাত্ৰৰ চমকপ্ৰদ সাফল্য

6b2823017639910fbef9f3a92b4baabe83b4b11e11e8a7bd91e71f7cb1f84d6d

ৰঙিয়াৰ মেধাৱী ছাত্ৰ ছাহিল হুছেইনে নিজৰ একাগ্ৰতা, অধ্যৱসায় আৰু একাণপটীয়া প্ৰচেষ্টাৰে দিয়াচলাই কাঠিৰে আইফেল টাৱাৰ বনাই সকলোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ৰঙিয়াৰ প্ৰতিষ্ঠিত ব্যৱসায়ী চাইদুল ইছলাম (অতুল) আৰু ৰুণুমণি বেগমৰ জ্যেষ্ঠ পুত্ৰ তথা পলিটেকনিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাহিল ক’ভিড-১৯ সংক্ৰমণ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নৱপ্ৰজন্মক ঘৰতে থাকি সৃষ্টিশীল কামত আত্মনিয়োগ কৰাৰ লগতে নিজ নিজ কৰ্ম প্ৰতিভাক বিকাশ কৰাৰ বাবে জনোৱা আহ্বানত সঁহাৰি জনাই ছাহিলে নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰ বলতে ঘৰতে বহি অকল দিয়াচলাইৰ কাঠিৰে নিৰ্মাণ উলাইছিল বিশ্ববিখ্যাত আইফেল টাৱাৰ ।

তেওঁৰ এই সৃষ্টিৰ বাবে ছজন ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । শিল্পী হুছেইনে ইতিমধ্যে দিয়াচলাই কাঠিৰে নিৰ্মিত আইফেল টাৱাৰৰ ক্ষুদ্ৰতম সংস্কৰণৰ খিতাপ লাভ কৰাৰ লগতে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । পলিটেকনিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাহিলে মাত্ৰ ১০ দিনৰ ভিতৰত বিশ্ববিখ্যাত আইফেল টাৱাৰটো নিৰ্মাণ কৰি উলিওই সকলোকে আশ্চৰ্যান্বিত কৰি তুলিছে ।

দিয়াচলাই কাঠিৰে নিৰ্মাণ কৰি উলিওৱা আইফেল টাৱাৰটো নিৰ্মাণ কৰোতে তেওঁ প্ৰায় সাতশৰ পৰা আঠশ দিয়াচলাইৰ কাঠি ব্যৱহাৰ কৰিছিল । তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ পৰাই আজিৰ সময়ত বিভিন্ন পেলনীয়া সামগ্ৰীৰে তাজমহল, টাইটানিক জাহাজ, ৰেলৰ ভাপ ইঞ্জিন, জনজাতিসকলৰ চাংঘৰ, একুৰিয়াম, কাঠৰ দুমহলীয়া ঘৰ, মটৰ চাইকেল, ই ৰিক্সাসহ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ।

অনাগত দিনত চাহিলে তেওঁৰ প্ৰতিভাৰ বলত ‘গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্তিৰ বাবে সপোন পুহি ৰাখিছে । তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তেওঁৰ এই বিৰল সাফল্যত তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ ৰঙিয়াবাসীয়ে গৌৰৱ অনুভৱ কৰিছে ।

Exit mobile version