গো+এষণা ‘গৱেষণা’ৰ বাবে সমগ্ৰ দেশত হ’ব পৰীক্ষা

124115 kebduhccvp 1563541226

পাঠ্যক্ৰমত উল্লেখ কৰা হৈছে, দেশীয় গৰুৰ গাখীৰত সোণ মিহলি হৈ আছে । সেই বাবেই ইয়াৰ ৰং ঈষৎ হালধীয়া । লগতে কোৱা হৈছে, পশু জবাইৰ স’তে ভূমিকম্পৰ পোনপটীয়া যোগসূত্ৰ আছে । পাঠ্যক্ৰমত আৰু কোৱা হৈছে যে ভূপালৰ গেছ দূৰ্ঘটনাৰ সময়ত যিসকল গোবৰ দি লেপা ঘৰত আছিল, তেওঁলোকৰ কোনো ক্ষতি হোৱা নাছিল । চৰকাৰে বিচাৰিছে ‘গৱেষণা’ । এই ‘গৱেষণা’ গৰুৰ আদি অৰ্থত । সেইবাবেই হ’ব এক সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা । এই পৰীক্ষাত ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই বহিব পাৰিব ।

ওপৰৰ শাৰীসমূহ সেই পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰকাশিত পাঠ্যক্ৰমৰ অন্তৰ্গত । এই পাঠ্যক্ৰম আছে গো-কল্যাণৰ স্বাৰ্থত গঠিত ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ ছাইটত । সেই ছাইটতে গৰুক লৈ গৱেষণাৰ এনে অদ্ভূত নমুনা প্ৰত্যক্ষ কৰি বহুতেই আচৰিত হৈ পৰিছে ।

উল্লেখ্য যে ‘গৱেষণা’ শব্দৰ উৎসটো সেই ‘গো’ বা ‘গৰু’ৱেই আছে বুলি বহু ভাষাবিদে দাবী কৰি আহিছে । ‘গৱেষণা’ শব্দৰ সন্ধি ভঙাত পোৱা গৈছে, ‘গো+এষণা’ । এনে দাবী কৰা ভাষাবিদসকলৰ মতে, অতীতত প্ৰকৃত ধন আছিল ‘গোধন’ । সেয়ে গৰু হেৰালে গৰাকীয়ে তন্নতন্নকৈ বিচাৰি চলাথ কৰিছিল । এইদৰে আহিছে ‘গৱেষণা’ শব্দটো । এতিয়া নৰেন্দ্ৰ মোদীৰ শাসনত কামধেনু আয়োগে এই আক্ষৰিক অৰ্থটোক লৈয়ে তৎপৰ হৈ পৰিছে ।

‘গোমাতা’ৰ সন্দৰ্ভত জন সচেতনতা বৃদ্ধিৰ বাবে আয়োগে অহা ২৫ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে এঘণ্টা সময়ৰ এক অনলাইন পৰীক্ষাৰ আয়োজন কৰিছে । এই কথা সদৰী কৰিছে কামধেনু আয়োগৰ অধ্যক্ষ বল্লভভাই কথীৰিয়াই । তেওঁ কয় যে চাৰিখন চহৰত মৃদু উপসৰ্গ থকা ক’ভিড ৰোগক পৰীক্ষামূলকভাৱে ‘পঞ্চগব্য’ (গাখীৰ, গোমূত্ৰ, দৈ, ঘিঁৰ মিশ্ৰণ) দিয়া হৈছিল । ৰোগ নিৰাময়ত এই মিশ্ৰণ ৯৬ শতাংশ সফল হৈছিল ।

‘কামধেনু গো-বিজ্ঞান প্ৰচাৰ প্ৰসাৰ পৰীক্ষা’ শীৰ্ষক এই পৰীক্ষাত বহাতো বাধ্যতামূলক নহ’লেও সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি উক্ত পৰীক্ষা আয়োজনৰ অনুৰোধ জনাইছে আয়োগে । এই সন্দৰ্ভত সংবাদমেলক কথীৰিয়াই কয়, ‘গোমাতা এটি অতি সন্মানীয় শব্দ, কিন্তু ই যেন শাস্ত্ৰতে আবদ্ধ হৈ আছে । প্ৰয়োজনীয় সচেতনতা নাই । সেয়ে পৰীক্ষাৰ কথা ভবা হৈছে । ইয়াৰ দ্বাৰা কেৱল জ্ঞানেই নাবাঢ়িব, গাখীৰ দিয়া বন্ধ হ’লেও ব্যৱসায়িক আৰু অন্যান্য ক্ষেত্ৰত গৰু কিদৰে কামত আহিব পাৰে সেই বিষয়টো মানুহ সচেতন হ’ব । গোবৰ বা গোমূত্ৰৰ দৰে তথাকথিত বৰ্জনীয় উপাদনকো উদ্যোগপতিসকলে লাভজনকভাৱে ব্যৱহাৰ কৰিব পাৰে । সেই ক্ষেত্ৰত দেশৰ অৰ্থনীতিৰে লাভ হ’ব ।’

কথীৰিয়াই লগতে জনায় যে প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণী, নৱমৰ পৰা দ্বাদশ শ্ৰেণী, মহাবিদ্যালয় স্তৰ আৰু সৰ্বসাধাৰণ (বিদেশী সহ) – এই চাৰিটা স্তৰত পৰীক্ষা হ’ব । ইংৰাজীৰ উপৰি ১২ টা আঞ্চলিক ভাষাত পৰীক্ষা দিব পাৰিব । প্ৰস্তুতিৰ বাবে আয়োগৰ ছাইটত কিছু পাঠ্যক্ৰম দিয়া হৈছে ।

Exit mobile version