বহু দেশৰ নাগৰিকত্ব অগ্ৰাহ্য কৰি ১৮ বছৰে বিমানকোঠতে

iranilainen pakolainen mehran karimi nasseri sir alfred mehranin tuli maailmankuuluksi asuttuaan ranskalaisella charles de gaullen lentokontalla 18 vuotta

ব্ৰিটেইনত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবেই ঠেহ পাতি সুদীৰ্ঘ ১৮ বছৰ ধৰি এটা বিমানকোঠতে বাস কৰিছিল এজন মানুহে । সেই লোকজনেই এতিয়া সমগ্ৰ ফ্ৰান্সতে পৰিচিত হৈ পৰিছে । লোকজনৰ নাম মেহৰান কৰিমি নাছেৰী, যি অধিক পৰিচিত ছাৰ আলফ্ৰেড মেহৰান নামেৰে । ইয়াৰ উপৰি তেওঁৰ আন এক পৰিচিত নাম হৈছে ‘দ্য টাৰ্মিনেল মেন’ । কিয়নো জীৱনৰ ১৮ টা বছৰ তেওঁ বিমানকোঠতে কটাইছিল ।

১৯৮৮ৰ ২৬ আগষ্টৰ পৰা ২০০৬ৰ জুলাই পৰ্যন্ত ফ্ৰান্সৰ শ্বাৰ্লে ডি গৌলে বিমানকোঠৰ বিষয়া-কৰ্মীসকলেই আছিল তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ । থকা, খোৱা, পঢ়া-শুনা সকলোবোৰেই চলিছিল এই বিমানকোঠত । মেহৰানক আন ঠাইলৈ আঁতৰাই নিয়াৰ বাবে আনকি আদালতত মামলাও চলিছিল । কিন্তু ২০০৬ৰ জুলাইত অসুস্থ হৈ হাস্পতালত ভৰ্তি নোহোৱা পৰ্যন্ত কোনেও তেওঁক বিমানকোঠৰ আনলৈ আঁতৰাই নিবলৈ সক্ষম হোৱা নাছিল ।

মেহৰানৰ জন্ম ইৰানত । পিতৃ আছিল ইৰানৰ এংল’-পাৰ্ছিয়ান তেল কোম্পানীৰ চিকিৎসক । মাতৃৰ জন্ম যদিও তেঁৱো উক্ত কোম্পানীত নাৰ্ছ আছিল । ১৯৭৩ত ইউনিভাৰছিটি অৱ ব্ৰেডফ’ৰ্ডৰ পৰা এটা তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে মেহৰান ব্ৰিটেইনলৈ আহে । নিৰ্দিষ্ট সময়ত তেওঁ ইৰানলৈ উভতি যায় ।

১৯৭৭ত মেহৰানে দাবী কৰে যে ইৰানৰ অন্তিম ৰজা মহম্মদ ৰেজা শ্বাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবে তেওঁক ইৰানৰ পৰা বহিষ্কাৰ কৰা হয় । ইয়াৰ পাছত মেহৰানে একাধিক দেশৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছিল যদিও সেই আবেদন গ্ৰাহ্য হোৱা নাছিল ।

বেলজিয়ামৰ ‘ইউনাইটেড নেচনছ্ হাই কমিচনাৰ ফৰ ৰিফিউজি’ নামৰ সংস্থাটোৱে তেওঁক শৰণাৰ্থী আখ্যা দিয়ে । যদিও ইৰানৰ পৰা বাহিৰ কৰি দিয়া বুলি মেহৰানে কৰা দাবীৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

অৱশ্যে শৰণাৰ্থী আখ্যা পোৱাত তেওঁ ইউৰোপৰ কিছু সংখ্যক দেশত প্ৰৱেশৰ অনুমতি লাভ কৰে । মেহৰানে জীৱনৰ বাকি কালছোৱা ব্ৰিটেইনত কটাব বিচাৰিছিল । ১৯৮৮ত লণ্ডনলৈ যোৱাৰ বাবে তেওঁৰ ফ্ৰান্সৰ পৰা বিমানত উঠে । লণ্ডনৰ অৱতৰণৰ পাছত প্ৰবাসন বিষয়াক পাছপ’ৰ্ট দেখুওৱাব নোৱাৰিলে মেহৰানে । ফলত বিমানকোঠৰ পৰাই তেওঁক ফ্ৰান্সলৈ ঘূৰাই পঠোৱা হয় । ফ্ৰান্সৰ শ্বাৰ্লে ডি গৌল বিমানকোঠত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

মেহৰানে দাবী কৰিছিল যে লণ্ডনৰ বিমানত উঠাৰ সময়তে তেওঁৰ বেগ চুৰি হৈছিল । সেই বেগতে আছিল পাছপ’ৰ্টসহ যাৱতীয় জৰুৰী নথি-পত্ৰ । ফৰাচী আৰক্ষীয়ে মেহৰানক গ্ৰেপ্তাৰ কৰিলেও অৱশেষত তেওঁক মুকলি কৰি দিয়ে । কাৰণ লণ্ডনলৈ যোৱাৰ বাবে ফ্ৰান্সৰ বিমানকোঠৰ পৰা বিমানত উঠাৰ সময়ত তেওঁ নিজৰ নথি-পত্ৰ দেখুৱাইছিল । সেই তথ্যৰ ভিত্তিতেই তেওঁক মুকলি কৰি দিয়া হয় ।

আইনৰ দৃষ্টিত মেহৰান আছিল শৰণাৰ্থী । সেয়ে নিৰ্দিষ্ট কৰি কোনো দেশলৈ প্ৰেৰণ কৰাটো সম্ভৱ নাছিল । আনহাতে, মেহৰানে প্ৰৱল ইচ্ছা আছিল ব্ৰিটেইনলৈ যোৱা । সেয়াও সম্ভৱ নাছিল । তেতিয়াৰ পৰাই ফ্ৰান্সৰ সেই বিমানকোঠৰ এক নম্বৰ টাৰ্মিনেল হৈ উঠে মেহৰানৰ বাসগৃহ ।

মেহৰানক বিমানকোঠৰ পৰা আঁতৰোৱাৰ অনেক চেষ্টা চলাইছিল। আদালতত গোচৰো উঠিছিল । অৱশ্যে ১৯৯২ত ফ্ৰান্সৰ আদালতে স্পষ্ট কৰি দিয়ে যে মেহৰানে অবৈধ্যভাৱে বিমানকোঠত প্ৰৱেশ কৰা নাছিল । সেয়ে তেওঁক তাৰ পৰা আঁতৰ কৰিব পৰা নাযাব ।

উল্লেখ্য যে মেহৰান ব্ৰিটিছ নাগৰিক হ’ব বিচাৰিছিল । সেই বাবে নিজৰ নাম সলনি কৰি ৰাখিছিল ছাৰ আলফ্ৰেড মেহৰানে । সেয়ে পৰৱৰ্তী সময়ত বেলজিয়াম আৰু ফ্ৰান্সে মেহৰানক নাগৰিকত্ব দিয়াৰ ইচ্ছা প্ৰকাশ কৰিলেও তেওঁ সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল । ২০০৬ত অসুস্থ হৈ মেহৰানে উক্ত বিমানকোঠৰ এক নম্বৰ টাৰ্মিনেল ত্যাগ কৰে । তেওঁক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে তেওঁ থকা ঠাইখিনি বিমানকোঠ কৰ্তৃপক্ষই ভাঙি পেলায় ।

ইয়াৰ পাছত হাস্পতালৰ পৰাই ফ্ৰান্সৰ ৰেড ক্ৰছে তেওঁৰ দায়িত্ব লয় । হাস্পতালৰ পৰা মুক্তি পোৱাৰ পাছত তেওঁক কিছুদিন বিমানকোঠৰ কাষৰ এখন হোটেলত ৰখা হৈছিল । পাছত তেওঁক প্ৰবাসীসকলৰ এটা আশ্ৰয়গৃহলৈ নিয়া হয় ।

উল্লেখ্য যে সুদীৰ্ঘ ১৮ বছৰ ধৰি মেহৰানে বিমানকোঠৰ এক নম্বৰ টাৰ্মিনেলত পঢ়া-শুনা, ডায়েৰি লিখিয়েই অতিবাহিত কৰিছিল । বিমানকোঠৰ কৰ্মীসকলৰ পৰাই তেওঁ আহাৰ খাইছিল, তেওঁলোকৰ স’তে আড্ডা মাৰি সময় কটাইছিল । ২০০৪ত মেহৰানৰ আত্মজীৱনী ‘দ্য টাৰ্মিনেল মেন’ প্ৰকাশ পায় । তেওঁৰ জীৱনৰ ভিত্তিত ছবিও মুক্তি পাইছে । সেইদৰে তেওঁৰ আত্মজীৱনীৰ আলমত নিৰ্মাণ হৈছিল ‘লষ্ট ইন ট্ৰেনজিট’ নামৰ এখন ফৰাচী ছবি । লেখক-পৰিচালক এলেক্সি কুৰোচে তেওঁক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল ।

Exit mobile version