অক্সফ’ৰ্ডৰ প্ৰতিষেধক অতি শীঘ্ৰে ব্ৰাজিললৈ প্ৰেৰণ কৰিবৰ বাবে মোদীক অনুৰোধ ৰাষ্ট্ৰপতি বলচ’নাৰৰ

flu shot

অক্সফোৰ্ড আষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক অতি শীঘ্ৰে ব্ৰাজিল প্ৰেৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলচ’নাৰে । সেই মৰ্মে প্ৰধানমন্ত্ৰী মোদীক পত্ৰ প্ৰেৰণ কৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ।

ব্ৰাজিলত ক’ভিড ভেক্সিনেছন আৰম্ভ কৰিবৰ বাবে বলচ’নাৰৰ ওপৰত চাপ বৃদ্ধি পাইছে । সমালোচকসকলৰ দাবী, নিকটৱৰ্তী দেশসমূহৰ তুলনাত ভেক্সিনেছন সম্পৰ্কিত যাবতীয় কাৰ্যসূচীত বহুত পিছ পৰি আছে ব্ৰাজিল । এই সন্দৰ্ভত বলচ’নাৰ‌ কিমান সক্ৰিয় তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰত বলচ’নাৰে লিখে, ‘ভেক্সিনেছন কাৰ্যসূচী অবিলম্বে কাৰ্যকৰী কৰিবলৈ জৰুৰী প্ৰয়োগৰ বাবে ব্ৰাজিলত ২০ লাখ টকাৰ প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাল হয় । কিন্তু ইয়াৰ দ্বাৰা ভাৰতৰ ভেক্সিনেছন কাৰ্যসূচী যাতে কোনো কাৰণতে বিঘ্নিত নহয় সেইটোও জৰুৰী ।’

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দৰেই ফিউক্ৰোজ বায়’মেডিকেল চেণ্টাৰো অক্সফোৰ্ড-আষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক ক’ভিশ্বিল্ডৰ অপেক্ষাত আছে । ব্ৰাজিলত এই প্ৰতিষেধকৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে কিছুমান উপাদানৰ প্ৰয়োজন ।

সূত্ৰ অনুসৰি, চীনৰ পৰা ৰপ্তানি সংক্ৰান্ত লাইচেন্স নোপোৱাৰ বাবে উপাদানবোৰ ব্ৰাজিললৈ প্ৰেৰণ কৰা হোৱা নাই । সেয়েহে ভাৰতৰ পৰা ২০ লাখ প্ৰতিষেধকৰ অনুৰোধ জনাইছে ব্ৰাজিলে । চলিত মাহৰ মাজভাগত প্ৰতিষেধক ব্ৰাজিললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । জৰুৰী প্ৰয়োগৰ বাবে প্ৰতিষেধকৰ অনুমোদন পত্ৰ দিবৰ বাবে আবেদন কৰিছে ফিউক্ৰোজে ।

Exit mobile version