ট্ৰাম্পৰ বিৰুদ্ধে ইমপিচমেণ্টৰ প্ৰস্তাৱ কাৰ্যকৰী হ’ব নেকি ?

donald trump wins first legal battle in pennsylvania

আমেৰিকাৰ সাংবিধানিক নীতি অনুসৰি ৰাষ্ট্ৰপতিৰ পদত ট্ৰাম্পৰ কাৰ্যকালৰ ম্যাদ আৰু ১১ দিন । কিন্তু কেপিটেলত ট্ৰাম্পৰ সমৰ্থকৰ আক্ৰমণৰ ঘটনাৰ পাছত বিদায়ী ট্ৰাম্পক ইমপিচ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ৰিয় হৈছে কংগ্ৰেছৰ নিম্নকক্ষ হাউচ অৱ ৰিপ্ৰেজেনটেটিভচ ।

ডেম’ক্ৰেট নেত্ৰী তথা হাউচ স্পিকাৰ নেন্সি পেল’চিয়ে কেপিটেল আক্ৰমণত উচতনি দিয়াৰ অভিযোগত ইমপিচমেণ্ট প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বাৰ্তা দিছে । কালি ডেম’ক্ৰেট হাউচৰ সদস্যসকলৰ এক সভাত তেওঁ কয়, ‘আমি ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব ।’ আমেৰিকাৰ সংবিধান বিশেষজ্ঞসকলৰ একাংশই জনাই যে, ইমান কম সময়ত ব্যৱস্থা গ্ৰহণ কৰা খুবেই কঠিন হ’ব । কিন্তু ‌অসম্ভৱ নহয় ।

২০১৯ত পেল’চিৰ উদ্যোগতেই আমেৰিকাৰ তৃতীয় ৰাষ্ট্ৰপতি হিচাপে হাউচ অৱ ৰিপ্ৰেজেনটেটিভচত ইমপিচমেণ্টৰ সন্মুখীন হৈছিল ট্ৰাম্প । সেই প্ৰস্তাৱ হাউচত পাছো হৈছিল । কিন্তু কংগ্ৰেছৰ উচ্চকক্ষ চেনেটত ৰিপাব্লিকান পাৰ্টিৰ গৰিষ্ঠতা থকাৰ বাবে ট্ৰাম্প জয়ী হয় । সেই সময়ত তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল, ৰাজনৈতিক প্ৰতিদ্বন্দ্বী জ’ বাইডেন আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে কূটনৈতিক স্তৰত দূৰ্নীতিৰ অভিযোগ আনিবৰ বাবে ইউক্ৰেনৰ ওপৰত চাপ সৃষ্টি কৰা ।

চলিত সপ্তাহত জৰ্জিয়াত চেনেটৰ দুটা আসনত জয়ী হৈ কংগ্ৰেছৰ উচ্চকক্ষত গৰিষ্ঠতা পাইছে ডেম’ক্ৰেটসকলে । কিন্তু নৱ নিৰ্বাচিত দুই চেনেটক আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিবলৈ কিছু সময় লাগিব । ফলত হাউচ অৱ ৰিপ্ৰেজেনটেটিভচত পেল’চিৰ প্ৰস্তাৱ পাছ হ’লেও অনাগত ডেৰ সপ্তাহত ৰিপাব্লিকান গৰিষ্ঠ চেনেটত ইমপিচমেণ্ট প্ৰস্তাৱ অনুমোদন কৰোৱা ডেম’ক্ৰেট পাৰ্টিৰ বাবে খুবেই কঠিন হ’ব বুলি আমেৰিকাৰ ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে ।

ডেম’ক্ৰেট গৰিষ্ঠ হাউচ অৱ ৰিপ্ৰেজেনটেটিভচতো ২০ জানুৱাৰীৰ ভিতৰত ইমপিচমেণ্ট প্ৰক্ৰিয়া সম্পন্ন কৰা সম্ভৱ‌ নহ’ব বুলি মত পোষণ কৰে আমেৰিকাৰ সংবিধান বিশেষজ্ঞসকলৰ এক বৃহৎ অংশই । কাৰণ, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এনে এক প্ৰস্তাৱ উত্থাপন কৰিলে হাউচ  ন্যায়পালিকা  কমিটিয়ে বিধিবদ্ধভাৱে অভিযোগ দাখিল কৰিব লাগিব । ইয়াৰ পাছত তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি ৰিপ’ৰ্ট পঠাব লাগিব কমিটিত । সেই ৰিপ’ৰ্ট ন্যায়পালিকা কমিটিয়ে পৰ্যালোচনা কৰি প্ৰয়োজনীয় অনুমোদন পত্ৰ দিলে হাউচ ইমপিচমেণ্ট প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ আৰম্ভ হ’ব ।

এই প্ৰক্ৰিয়াৰ বাবে অন্ততঃ তিনি মাহৰ প্ৰয়োজন । তেতিয়ালৈকে বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্প ‘প্ৰাক্তন’ হৈ যাব । কিন্তু কংগ্ৰেছৰ নিম্নকক্ষত ইমপিচমেণ্ট প্ৰস্তাৱ পালেই দুবাৰ ইমপিচমেণ্টৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে ইতিহাসত নাম লিপিবদ্ধ হ’ব ট্ৰাম্পৰ ।

কিন্তু একাংশই মত প্ৰকাশ কৰে যে, হাউচত প্ৰস্তাৱ পাছ হোৱাৰ পাছত চেনেটত গ’লে ১১ দিনৰ ভিতৰত ইমপিচমেণ্ট‌ পাছ কৰা তত্ত্বগতভাৱে অসম্ভৱ নহ’ব । ইয়াৰ বাবে প্ৰয়োজন হ’ব ডেম’ক্ৰেটৰ সকলো সদস্যৰ উপস্থিতিৰ লগতে ১৭ জন‌ ৰিপাব্লিকান চেনেটৰ সমৰ্থন । সকলো ডেম’ক্ৰেট সদস্যসহ কিছু ৰিপাব্লিকান যদি সমৰ্থিত হয় তেওঁলোকে ন্যায়পালিকা কমিটিত ইমপিচমেণ্টৰ প্ৰস্তাৱ পৰ্যালোচনাৰ বিষয়টো বাদ দি ইমপিচমেণ্ট প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিব ।

Exit mobile version