নিষিদ্ধ হ’ল হাঁহ-কুকুৰাৰ আমদানি

Greece outbreak of H5N6 bird flu is first in Europe wrbm large

Chicken and bird flu

মাঘৰ বিহুৰ উৰুকালৈ মাজত মাত্র তিনিদিন থকা অৱস্থাত ৰাজ্যৰ কুকুৰাৰ মাংসৰ বৃহৎ বজাৰত পক্ষীজ্বৰৰ প্ৰভাৱ পৰিল। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰাই জনায় যে অসমত এই পর্যন্ত পক্ষীজ্বৰৰ কোনাে তথ্য পােহৰলৈ অহা নাই; কিন্তু ভাৰতৰ কে’বাখনাে ৰাজ্যত এই জ্বৰৰ প্রাদুর্ভাব বৃদ্ধি হােৱাত অসমে সতর্কতামূলক ব্যবস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

সেই অনুসৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আবেদন মর্মে ৰাজ্যপালে সতর্কতামূলক ব্যৱস্থা হিচাপে তৎকালে কার্যকৰী হােৱাকৈ পশ্চিম সীমান্তৰে অসমত হাঁহ-কুকুৰাৰ প্রৱেশ সাময়িকভাৱে নিষিদ্ধ কৰে। অসমৰ লগতে উত্তৰ-পূর্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্রহণ কৰা হয়।

মন্ত্রী বৰাই জানিবলৈ দিয়ে যে সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত ইতিমধ্যে অসমে আন ৰাজ্য কেইখনৰ পশুপালন বিভাগৰ লগতাে আলােচনা অব্যাহত ৰাখিছে। পক্ষীজ্বৰৰ ফলত ইয়াৰ ব্যৱসায়ৰ লগত জড়িত লােকসকল অভাৱনীয় লােকচানৰ গৰাহত পৰিছে। কাৰণ জ্বৰত আক্ৰান্ত হৈ পােহনীয়া চৰাইৰ মৃত্যু হােৱাৰ উপৰি সতর্কতামূলক ব্যৱস্থা হিচাপে সুস্থ চৰাইও নিধন কৰা হ’ব।

কাৰণ এই ৰােগ অত্যন্ত সেচৰা আৰু মহামাৰী সদৃশ। জাৰকালি বিদেশৰ পৰা উৰি অহা পৰিভ্রমী চৰাইৰ পৰাই এই ৰােগ বিয়পে। ভােগালী বিহুৰ প্ৰাকমুহূর্তত সৃষ্টি হােৱা এই পৰিৱেশে অসমত আগন্তুক দিনবােৰত কুকুৰা আৰু হাঁহৰ মাংসৰ মূল্য বৃদ্ধি কৰাৰ আশংকাৰ সৃষ্টি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগত বিভিন্ন ব্যৱসায়িক সংগঠনবােৰৰ এখন বৈঠক মহানগৰীত অনুষ্ঠিত হয়।

এই সন্দৰ্ভত অসমত পশুপালন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনােজ শইকীয়াই কয় যে বহিঃৰাজ্যৰ পৰা হাঁহ-কুকুৰাৰ আমদানি বন্ধ হলেও তাৰ সুযােগ লৈ দাম বৃদ্ধি নকৰে বুলি সংগঠনবােৰে আশ্বাস দিয়ে। প্রসংগক্রমে শইকীয়াই কয় যে আগন্তুক ছসপ্তাহলৈ অসমত হাঁহ-কুকুৰাৰ মাংসৰ অভাৱ নহয়। গতিকে মূল্যবৃদ্ধিৰ কথা নাহে। নিগমৰ তথ্য অনুসৰি, অসমত প্রতি সপ্তাহত ২৪ৰ পৰা ২৫ হেজাৰ কিলােগ্রাম হাঁহ-কুকুৰাৰ মাংস উৎপাদন হয়।

অসমৰ চাহিদা পূৰাবলৈ এয়া পর্যাপ্ত; কিন্তু অসমৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ বিশেষকৈ কুকুৰা যথেষ্ট পৰিমাণে প্রেৰণ কৰা হয় বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ যথেষ্ট পৰিমাণৰ কুকুৰা আহে; কিন্তু তেনে যােগান নিষিদ্ধ হােৱাৰ ফলত মূল্যবৃদ্ধি অৱধাৰিত হ’ল।

প্রসংগক্রমে চাহিদা বৃদ্ধিৰ সুযােগ লৈ উৰুকাৰ সময়ত সদায় মাছ-মাংসৰ মূল্যবৃদ্ধি হৈ আহিছে। তাৰ মাজতে পক্ষীজ্বৰৰ আশংকাত বহিঃৰাজ্যৰ যােগান বন্ধ কৰি দিয়া হয়। উল্লেখ্য যে বর্তমান কুকুৰাৰ প্রতি কিলােগ্ৰামৰ মূল্য ৩২০-৩৩০ টকা আনহাতে,ব্ৰয়লাৰৰ মূল্য হ’ল ১১০ টকা। আনহাতে, হাঁহ প্ৰতিটোৰ মূল্য হ’ল পাঁচশ টকা।হাঁহ-কুকুৰাৰ মাংসৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ আন আন মাংসৰ বজাৰতাে প্ৰভাৱ পৰাটো নিশ্চিত।

Exit mobile version