ভাৰতত ৯০ জন লোক কৰ’নাৰ ন ষ্ট্ৰেনত আক্ৰান্ত

Vaccine

আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাই যে, কৰ’নাৰ ব্ৰিটেইন ষ্ট্ৰেনত আক্ৰান্তৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে ভাৰতত । ব্ৰিটেইনত কৰ’নাৰ এই নতুন ষ্ট্ৰেন বিগত বৰ্ষৰ ছেপ্টেম্বৰত ধৰা পৰিছিল । এই ষ্ট্ৰেন পূৰ্বৰ তুলনাত অধিক সংক্ৰামক বুলি মত পোষণ কৰে বিশেষজ্ঞসকলে ।

বিগত ২৪ ঘণ্টাত ভাৰতত কৰ’নাৰ দৈনিক আক্ৰান্তৰ সংখ্যা ১৮ হেজাৰলৈ বৃদ্ধি পাইছে । ইয়াৰ ভিতৰত আঠ জন লোক নতুন ষ্ট্ৰেনৰ দ্বাৰা আক্ৰান্ত । ভাৰতত পূৰ্বে কৰ’নাৰ নতুন ষ্ট্ৰেনত আক্ৰান্তৰ সংখ্যা আছিল ৮২ জন ।

ব্ৰিটেইনত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বাবে ভাৰতে বিমান সেৱা স্থগিত ৰাখিছিল কিন্তু সম্প্ৰতি পুনৰ যোগাযোগ স্থাপন কৰা হৈছে । ইতিমধ্যে ভাৰতত অক্সফ’ৰ্ডৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন এই দুই প্ৰতিষেধকে ইতিবাচক সংকেট আনিছে বুলি জনাই স্বাস্থ্য মন্ত্ৰণালয়ে ।

Exit mobile version