কৰ’না ভাইৰাছৰ উৎসস্থল হােৱা সত্ত্বেও অতি দ্রুতগতিৰে মহামাৰী নিয়ন্ত্রণলৈ আনিছিল চীনে। যাৰ বাবে কমিউনিষ্ট দেশখনৰ প্রশাসনৰ কর্মদক্ষতাকো বহুতেই প্রশংসা কৰিছিল। অথচ শাপমুক্ত হােৱাটো যে ইমান সহজ কথা নহয়, সেয়াই দেশখনক বুজাই দিলে এবিধ আণুবীক্ষণিক জীৱই। চীনৰ উত্তৰাঞ্চলৰ চহৰ শ্বিজিয়াজুয়াঙত শতাধিক লােক পুনৰ সংক্ৰমিত হােৱাত এক কোটি ১০ লাখৰ অধিক লােকক তলাবন্ধৰ আওতালৈ আনিলে বেইজিঙে।
এক আন্তর্জাতিক সংবাদ সংস্থাৰ মতে, ৰাজধানী বেইজিঙৰ অদূৰতে অৱস্থিত খিজিয়াজুয়াং চহৰৰ বাসিন্দাসকলৰ যাতায়তত নিষেধাজ্ঞা আৰােপ কৰা হৈছে। চহৰখনত প্ৰৱেশ আৰু প্রস্থানৰ সকলাে পথত বেৰিকেড বহুওৱা হৈছে। তাত থকা সকলাে স্কুল কলেজ, বিশ্ববিদ্যালয় বন্ধৰ ঘােষণা কৰিছে প্রশাসনে। আন এক সংবাদ মাধ্যমে জনাইছে যে সমগ্র চহৰত পাঁচ হেজাৰৰ অধিক পৰীক্ষা কেন্দ্র স্থাপন কৰা হৈছে,যাতে সকলাে বাসিন্দাৰে কৰ’না পৰীক্ষা সম্ভৱ হয়।
উল্লেখ্য যে ২০১৯ৰ শেষৰ ফালে চীনৰ হুবেই প্ৰদেশৰ ৰাজধানী উহান চহৰত প্রথমে কৰনাৰ সংক্ৰমণৰ বাতৰি পােৱা গৈছিল। তাৰ পাছত সেই মাৰাত্মক জীৱাণু দ্রুতগতিৰে সমগ্র বিশ্বতে বিয়পি পৰে। এই মাৰাত্মক ৰােগত আমেৰিকাৰ দৰে উন্নততৰ দেশতাে কে’বা লক্ষ লােকৰ মৃত্যু হয়। কিন্তু চীন চৰকাৰে সদৰী কৰা পৰিসংখ্যা অনুসৰি দেশখনত মাত্র পাঁচ হেজাৰ মান লােকৰহে মৃত্যু হয়। ইয়াৰ উপৰি সংক্ৰমণৰ পৰা দ্রুতগতিৰে মুক্তি লাভ কৰি উহান চহৰাে ইতিমধ্যে নিজস্ব ছন্দলৈ উভতি আহিছে।
এনে পৰিস্থিতিত পুনৰ উদ্বেগ বৃদ্ধি কৰিলে হেবেই প্রদেশৰ শ্বিজিয়াজুয়াং চহৰে। যােৱা বৃহস্পতিবাৰেই চহৰখনত নতুনকৈ ১২০জন ক’ভিড-১৯ ৰােগীক চিনাক্ত কৰা হৈছে।উল্লেখ্য যে অহা ১২ ফেব্ৰুৱাৰীত চীনৰ নতুন বছৰ আৰম্ভ হ’ব। ফলত নৱবর্ষ উপলক্ষে ইতিমধ্যেই বজাৰ-সমাৰৰ পৰা আৰম্ভ কৰি আত্মীয়-স্বজনক আমন্ত্রণৰ পৰ্বও পূর্ণোদ্যমে চলিছে। এনে পৰিস্থিতিত এক কোটিৰ অধিক লােক তলাবন্ধৰ আওতাত সােমাই পৰিল।
অৱশ্যে দেশখনৰ নাগৰিকক স্বস্তি প্রদান কৰি বেইজিঙে সম্প্রতি ছিন’ফার্মৰ দ্বাৰা তৈয়াৰী কৰ’না প্রতিষেধকক অনুমােদন দিছে। কিন্তু এই কৰ’না প্রতিষেধকৰ পৰা বহুতাে উপসর্গই দেখা দিয়াৰ অভিযােগাে উঠিছে স্বেচ্ছাসেৱকসকলে বেজি লােৱা স্থানত যন্ত্রণা, মূৰৰ বিষ, দৃষ্টি আৰু ঘ্রাণশক্তি দুর্বল হােৱা, উচ্চ ৰক্তচাপ সহ একাধিক সমস্যাত ভােগাৰ অভিযােগ উঠিছে ।সকলাে মিলাই চীনে যে নতুন বছৰতাে কৰনাৰ শাপৰ পৰা মুক্তি পাব, সেই আশা ক্রমশঃ ক্ষীণ হৈ পৰিছে।