সুদীর্ঘ পথ ৰেল চলাই খ্যাতি অর্জন মহিলা কর্মী

188502 woweb

কুমকুম ডােংৰী, উদিতা বার্মা আৰু আকাংক্ষা ৰাই। এই অপৰিচিত নাম তিনিটাই এতিয়া বিশেষ স্থান লাভ কৰিছে সামাজিক মাধ্যমত। কিয়নাে মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ এক সুদীর্ঘ পথ তেওঁলােক অতিক্ৰম কৰিলে ৰেলৰে। অৱশ্যে যাত্ৰীৰূপে নহয়। বৰঞ্চ এখন মালবাহী ৰেলক গার্ড দি তেওঁলােকে চলাই নিলে এই দীঘলীয়া পথছােৱা। পশ্চিম ৰেলৰ ইতিহাসত প্রথমবাৰলৈ কোনাে ৰেল চলিল সম্পূর্ণ মহিলাকর্মী তত্ত্বাৱধানত।

এই তিনি অনামী যুৱতীয়েই এতিয়া শিৰােনামলৈ উঠি আহিছে। পশ্চিম ৰেলৰ তৰফৰ পৰা এক বিজ্ঞপ্তিত জনাইছে যে যােৱা পাঁচ জানুৱৰীত মহাৰাষ্ট্রৰ বছৰি ৰােড ষ্টেছনৰ পৰা এখন মালবাহী ৰেল লৈ যাত্রা আৰম্ভ কৰে কুমকুমহঁতে। উপস্থিত হয় গুজৰাটৰ বড়ােদৰাত। ৰেল কর্তৃপক্ষৰ মতে, মহিলাও যে সকলাে কাম কৰাত সক্ষম আৰু সেয়া দক্ষতা সহকাৰেই পাৰে, সেয়াই দেখুৱালে এই তিনিগৰাকীয়ে। কুমকুমহঁতৰ এই কীর্তিক প্রশংসা কৰিছে।ৰেলমন্ত্রী পীযুষ গােৱেলেও।

এই উদ্যোগে নাৰী সৱলীকৰণত নতুন নজিৰ গঢ়িব বুলিও দাবী কৰে গােৱেলে। তেওঁ টুইটত লিখিছে, ‘ৰেল চলােৱাৰ পৰা আৰম্ভ কৰি গার্ড দিয়ালৈকে— সকলাে দায়িত্ব নিপুণ দক্ষতাৰে চম্ভালিলে কুমকুমতে। ৰেলমন্ত্ৰীৰ দৰেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলেও এই তিনি যুৱতীৰ কীর্তিক প্রশংসাৰ বাণীৰে উপচাই পেলাইছে। বিজয়কুমা নামৰ এজন লােকে টুইটাৰত লিখিছে, ‘ভাৰতৰ বাবে সঁচাকৈয়ে এয়া গৌৰৱ কৰাৰ দৰে বিষয়।

নাৰী সৱলীকৰণৰ বাবে যি প্রত্যাহ্বান লৈ সেই দায়িত্ব পালন কৰিছে, তাৰ বাবে অভিনন্দন আপােনালােকক ধন্যবাদ। পশ্চিম ৰেলৰ মুখ্য জন সংযােগ বিষয়া সুমিত ঠাকুৰে কয়,‘মালবাহী ৰেলত গার্ড দিয়া বা চালকৰ কাম অত্যন্ত কষ্টসাধ্য। ইয়াৰ উপৰি দীঘলীয়া পথ অতিক্রম কৰাৰ প্ৰয়ােজন থকাত সচৰাচৰ অতি কমসংখ্যক মহিলাকহে এই কামত দেখা যায়। অৱশ্যে কুমকুমহঁতৰ এই নজিৰবিহীন কামে সেই ছবিখন সলনি কৰি পেলাব পাৰে।

Exit mobile version