ধুবুৰীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

WhatsApp Image 2021 01 10 at 6.33.52 PM

ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ধুবুৰী চহৰৰ শংকৰদেৱ শিশু উদ্যানত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্ব- ধৰ্মৰ গুৰু সকলে পৃথকে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।

ADVERTISEMENT

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জৈন, খ্ৰীষ্টান, শিখ,ইছলাম আৰু একনাম সনাতন ধৰ্ম গুৰু সকলে পৃথকে পৃথকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পুত্র তথা সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্রী তথা বিধায়ক ৰকিবুল হুছাইন, বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু আবুল মিঞা আৰু প্ৰাক্তন সাংসদ আব্দুল হামিদ ।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ দলটোৱে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নেতাই ধূৱনী ঘাটত বিসৰ্জন দিয়ে।আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে মাদ্ৰাছা শিক্ষক কৰ্মচাৰী সন্থাৰ নেতাসকলে অংশগ্ৰহণ কৰে।

Exit mobile version