নৰাৰে আটকধুনীয়া হেলিকপ্টাৰ নির্মাণ

Screenshot 175

পুহমহীয়া শীতৰ সেমেকা সুৱাসৰ তালে তালে অসমীয়াৰ পদূলিমুখ পােৱা বাপতি সাহােন ভােগালী বিহুক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্রস্তুতি। নগৰ অঞ্চলত কিছু পৰিমাণে সেমেকা হ’লেও ক’ভিড-১৯ পৰিৱেশৰ পৰা ৰাজ্যবাসীয়ে কিছু পৰিমাণে।

সকাহ পােৱাৰ পাছতে এতিয়া ভােগালীক আদৰাৰ বাবে দুগুণ উৎসাহেৰে ওলাই আহিছে চহা গাঁওবাসী। ব্যতিক্রম নহয় ওদালগুৰি জিলাও। বিভিন্ন জাতি-জনগােষ্ঠীৰে ভৰি থকা ওদালগুৰি জিলাৰ সকলাে প্ৰান্তৰ ভিন্ন স্বকীয় পৰম্পৰাৰে ভােগালীক আদৰিবলৈ সাজু হৈছে অসমীয়া, বড়াে,ৰাভা, গাৰাে, গােখা, আদিবাসী ইত্যাদি বিভিন্ন জাতি-জনগােষ্ঠীৰ লােক।

ওদালগুৰি জিলাৰ লক্ষীন্দৰ আৰু বেউলাৰ স্মৃতি বিজড়িত অদলাগাঁৱৰ লগতে দোৱামখা তামােলবাৰী আদি গাঁৱত ভােগালী বিহুক আদৰাৰ চলিছে ব্যাপক প্রস্তুতি। দোৱামখা তামােলবাৰী গাঁৱত স্থানীয় শিল্পী তথা চাকৰিয়াল কমলেশ্বৰ ৰাভাৰ নেতৃত্বত এদল স্থানীয় যুৱকে এইবাৰ দিছে ভােগালীৰ অন্য এক চমক। বিগত প্রায় এমাহ আগৰ পৰাই আৰম্ভ কৰা ভেলাঘৰ নিৰ্মাণ কার্যই এতিয়া চূড়ান্ত ৰূপ লৈছে।

দোৱামখা তামােলবাৰী গাঁওবাসীয়ে এইবাৰ বাঁহ আৰু ধানৰ নৰাৰে সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে এখন হেলিকপ্টাৰৰ লগতে এটি দুমহলীয়া ভেলাঘৰ। ভেলাঘৰৰ আগফালে নির্মাণ কৰে এটি বাট চ’ৰাও। ভােগালী বিহুৰ এমাহ আগৰ পৰাই কমলেশ্বৰ ৰাভাৰ তত্ত্বাৱধানত স্থানীয় ডেকাসকলে নির্মাণ কৰি হেলিকপ্টাৰ আৰু সুন্দৰ দুমহলীয়া ভেলাঘৰৰ চূড়ান্ত ৰূপ দি এতিয়া।

ভােগালীৰ উৰুকাৰ বাবে সাজু হৈছে গাঁওবাসী। এনে ব্যতিক্রমী চমকে স্বাভাৱিকতে সমগ্র ওদালগুৰিবাসীৰে দৃষ্টি আকর্ষিত কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত ৰাভাই সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে যিহেতু বর্তমান সময়ত ৰাজনৈতিক নেতাসকলৰ স’তে সাধাৰণ ৰাইজৰ প্রত্যক্ষ সংযােগ নােহােৱা হৈছে।

নেতাসকলে বিভিন্ন স্থানত হেলিকপ্টাৰেৰে আহি বিলাসী অট্টালিকাত যাপন কৰে। গাঁও অঞ্চলৰ ৰাইজৰ যিহেতু তেনে ধৰণৰ হেলিকপ্টাৰ চোৱাৰ সৌভাগ্য নহয়, সেয়েহে ভােগালীৰ বিষয়বস্তু হিচাপে ৰাভাই ধানৰ নৰাৰে হেলিকপ্টাৰখনৰ লগতে বিলাসী। অট্টালিকাৰ আৰ্হিত উক্ত দুমহলীয়া ভেলাঘৰটো নির্মাণ কৰি এক প্রতিচ্ছবি দাঙি ধৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰে।

সমান্তৰালভাৱে গাঁওবাসীয়ে সমূহীয়াভাৱে উৰুকা খােৱাৰ প্রস্তুতিও সম্পূর্ণ কৰি তুলিছে। উৰুকাৰ নিশা বিভিন্ন ব্যঞ্জনেৰে উক্ত দুমহলীয়া ভেলাঘৰতেই স্থানীয় গাঁওবাসীয়ে লগেভাগে তৃপ্তিৰে এসাঁজ খাই আনন্দ কৰাৰ লগতে মাঘৰ সংক্ৰান্তিৰ দিনা মেজিত জুই দি অপায়-অমংগল নাশ হােৱাৰ কামনা কৰিব। দোৱামখা তামােলবাৰীৰ লগতে ওদালগুৰিৰ প্ৰতিখন অসমীয়া গাঁৱত ভােগালীক আদৰাৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। পিঠা-পনা তৈয়াৰৰ বাবে দিনে-নিশাই অসমীয়া জীয়ৰী-বােৱাৰীসকল ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে।

Exit mobile version