মাইনাছ ৩৩ ডিগ্রীত লাডাখ ঘূৰি আহিল বিগ-বি

06 01 2021 amitabh 21245080

তেওঁৰ আধাৰাে কম বয়সীয়া অভিনেতাসকলে এতিয়াও মনত আতংক লৈহে চিত্রগ্রহণত অংশ লৈ আছে। ছেটত সকলােৰে কৰ’না পৰীক্ষা সম্পন্ন কৰাৰ পৰা আৰম্ভ কৰি সকলাে ধৰণৰ সুৰক্ষাবিধি অৱলম্বন কৰিছে।

তেওঁতকৈ আঠ বছৰৰ সৰু ৰজনীকান্তে পৰ্দাত অনেক অলৌকিক কাণ্ড কৰিলেও এতিয়া কৰ’নাৰ আতংকত নিজৰ চিত্রগ্রহণ বন্ধ কৰি ৰাখিছে। অথচ ৭৮ বছৰ বয়সতাে অদম্য হৈ আছে বলিউদৰ শ্বাহেনশ্বাহ।কৰ’না ভাইৰাছক পুল কৰি ইতিমধ্যেই তেওঁ গেলাৰীত পেলাইছে।

এইবাৰ প্ৰৱল শীতক স্ট্রেইট ড্রাইভ কৰি বাউণ্ডেীৰ বাহিৰলৈ পঠালে বিগ-বি অমিতাভ বচ্চনে। এইবাৰ বিগত কিছু বছৰৰ তুলনাত শীপ্রকোপ কিছু বেছি। ইয়াৰ মাজতাে একেবাৰে লাডাখত বৰফশীতল ঠাণ্ডাৰ আক্ৰমণকো উপেক্ষা কৰি নিজৰ ফিটনেছৰ লগতে চৰম পেছাদাৰিত্বৰাে পৰিচয় দিলে অমিতাভে।

ভাৰত-চীন সীমান্তৰ লাডাখত এতিয়া তাপমাত্রা মাইনাছ ৩৩ ডিগ্রী চেলছিয়াচ।হাড়পােৱা ঠাণ্ডাত কিছু সময় কটোৱাই অসহ্যকৰ হৈ পৰিছে। তেনে পৰিস্থিতিতাে লাডাখত উপস্তিত হৈ চিত্রগ্রহণ সম্পূর্ণ কৰি পুনৰ মুম্বাইলৈ উভতি গ’ল বিগ-বি লক্ষণীয়াভাৱে কোনাে ছবিৰ চিত্ৰগ্ৰহণৰ বাবে অমিতাভ লাডাখত উপস্থিত হােৱা নাছিল।

বঞ্চ গৈছিল কেৱল এটা বিজ্ঞাপনৰ চিত্রগ্রহণৰ বাবে। লাডাখৰ শীত তেওঁৰ বয়সৰ বাবে যথেষ্ট চিন্তাজনক আছিল। তৎসত্ত্বেও বয়সৰ আশংকা লৈ তেওঁ নিজৰ দায়বদ্ধতা পূৰণ কৰিলে। প্ৰৱল শীতত কঁপি নুঠিল আৰু শাৰীৰিক আশংকাৰ কাৰণ দৰ্শাই চিত্রগ্রহণে বন্ধ নকৰিলে। নির্ধাৰিত সময়তে সম্পূর্ণ কৰিলে নিজৰ কাম।

সম্প্রতি বলিউদৰ শ্বাহেনশ্বাহে টুইটাৰত চিত্রগ্রহণৰ এখন ফটো প’ষ্ট কৰিছে। ডাঠ বগা জেকেট, থার্মেলৰে, গগলছ, গ্লাভছ আদি বৰফৰ পৰা ৰক্ষাৰ সকলাে আবৰণেই আছে তেওঁৰ শৰীৰত। বিবৰণত অমিতাভে লিখিছে, ইমানবােৰৰ পাছতাে ঠাণ্ডাক প্ৰতিৰােধ কৰিব নােৱাৰিলাে। যদিও ফটো দেখি বুজাৰ উপায় নাই যে ঠাণ্ডাই অমিতাভক কাহিল কৰিব পাৰিলে বুলি।

Exit mobile version