আটকাধীন সেনাজনক চীনৰ হাতত গটালে ভাৰতে

Ladakh IndianArmy1200 PTI

লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতৰ ভুখণ্ডত সোমাই পৰা চীনা সৈন্যক উভতাই দিলে ভাৰতে । আজি এই সন্দৰ্ভত চুশুল মলডত দুই দেশৰ মাজত বৈঠক হয় । তাতেই আটক সেনাজনক পিপলছ্ লিবাৰেচন আৰ্মিৰ হাতত গতাই দিয়া হয় ।

আঠ জানুৱাৰীত পাংগাং হ্ৰদৰ দক্ষিণত এল এ চি অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত সোমাই পৰিছিল চীনা সন্যজন । ইয়াৰ পাছতেই এক বিবৃতিৰ জৰিয়তে এই কথা জনাই ভাৰতে । বিবৃতিত জনোৱা হৈছিল যে, পৰিস্থিতি পৰ্যালোচনা কৰি আৰু সকলো ধৰণৰ প্ৰ’ট’কল মানি চীনৰ হাতত গোটাই দিয়া হ’ব সেনাজনক ।

সেনাজনক আটক কৰাৰ পাছত চীনে দাবী কৰে যে, পথ ভ্ৰষ্ট হৈ সেনাজনে ভাৰতৰ ভূখণ্ডত সোমাই পৰে । পৰৱৰ্তী সময়ত এক সূত্ৰৰ পৰা নিশ্চিত হয় যে, সেনাজন পথ ভ্ৰষ্ট হৈয়ে ভাৰতীয় ভূখণ্ডত সোমাই পৰিছিল ।

Exit mobile version