জন-সংযোগ বিভাগক বিজেপিৰ প্ৰচাৰ শাখালৈ ৰূপান্তৰিত কৰাটো সহ্য কৰা নহ’বঃ প্ৰদেশ কংগ্ৰেছ

Congress 1584336148

আজি শিলচৰলৈ অহা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ দলীয় সভালৈ সংবাদকৰ্মীসকলক জন-সংযোগ বিভাগৰ বিষয়াই সামাজিক মাধ্যমযোগে নিমন্ত্রণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে । বিভাগীয় সকলো নীতি নিয়ম ধোঁৱা চাঙত তুলি জন-সংযোগৰ বিষয়াই কাৰ নিৰ্দেশত এনেদৰে শাসকীয় ৰাজনৈতিক দলটোৰ দলীয় সভালৈ সংবাদ কৰ্মীক নিমন্ত্রণ কৰিলে ?

নিশ্চয়কৈ চৰকাৰৰ শীর্ষ মহলৰ নিৰ্দেশ অবিহনে এনে কাম কৰিবলৈ এজন বিষয়াই কেতিয়াও সাহস নকৰে। অসম চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ কাষলৈ লৈ যোৱা আৰু প্ৰচাৰ কৰাটোহে জন সংযোগ বিভাগৰ প্ৰধান দায়িত্ব, শাসকীয় দলৰ ৰাজনৈতিক সভালৈ নিমন্ত্রণ কৰটো নহয়। কিন্তু, তাৰ পৰিৱর্তে আজিৰ ঘটনাৰ পৰা এটা কথা প্ৰমাণ হ’ল যে জন সংযোগ বিভাগটো বৰ্তমান সোণোৱাল চৰকাৰৰ দিনত বিজেপি দলৰ শাখালৈহে পৰিৱর্তন হৈছে।

মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া আৰু তেখেতৰ প্ৰেছ উপদেষ্টা ডাঙৰীয়াক অসম প্রদেশ কংগ্রেছ কমিটিয়ে প্ৰশ্ন কৰিব বিচাৰিছো যে কাৰ নিৰ্দেশত জন সংযোগ বিভাগ বিজেপিৰ প্ৰচাৰ শাখালৈ পৰিৱৰ্তিত হ’ল বা হৈছে ? অসম প্রদেশ কংগ্রেছে জনসংযোগ বিভাগ আৰু চৰকাৰৰ এনে হঠকাৰী কাৰ্য্যৰ তীব্র বিৰোধিতা কৰিছে আৰু গৰিহণা দিছে ।

প্ৰদেশ কংগ্ৰেছে আজিৰ এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছো আৰু ভৱিষ্যতৰ দিনত যাতে কোনোপধ্যেই জনসংযোগ বিভাগক বিজেপি দলৰ প্ৰচাৰ শাখালৈ পৰ্য্যবেশিত কৰিবলৈ অপচেষ্টা নকৰে তাৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰিছো।

Exit mobile version