বাক্সাৰ শালবাৰীৰ পালছিগুৰিৰ মানাস ছেৰফাং ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত এবছুৰ শালবাৰী জিলা সমিতিৰ ২২ সংখ্যক অধিৱেশনৰ দেওবাৰে নিশা সফলভাৱে সামৰণি পৰে৷

ন আৰু দহ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত উক্ত অধিৱেশনত এবছুৰ পতাকা উত্তোলন, ছহিদ তৰ্পণ, বৃক্ষ ৰোপণ, মানাহৰ বন বিভাগৰ উদ্যোগত ১৫০ গছপুলি ৰোপণ,মুখ্যদ্বাৰ মুকলি,মঞ্চ উদ্বোধন,অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি, মাৰাথান দৌৰ প্ৰতিযোগিতা, প্ৰতিনিধি সভা, বিষয়বাচনি সভা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়িত হয়৷

অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ সহকাৰী সাধাৰণ সম্পাদক খৌৰমদাও ওৱাৰী, বাক্সা জিলা এবছুৰ সভাপতি নৃপেন চন্দ্ৰ বড়ো, ইউ পি পি এলৰ শালবৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মছাহাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷































