এক কোটি টকা চাহ খাবলৈ দিয়াৰ প্ৰলোভন বন বিভাগৰ দায়িত্বত থকা ই এমক

WhatsApp Image 2021 01 12 at 8.48.30 PM

দুৰ্নীতি মুক্ত দেশ তথা সমাজ গঢ়াত দৃঢ়তাৰে কাম কৰাৰ প্ৰতিশ্ৰুতিত অটল ৰঞ্জিত বসুমতাৰী

 

‘বনজ সম্পদৰ চোৰাং কাৰবাৰ তথা বন ধ্বংস ৰোধ কৰাৰ বাবে ৰাইজে সহযোগিতা আগবঢ়াব লাগিব।’ চিৰাং জিলাৰ সদৰ মহকুমাৰ অন্তৰ্গত বেংতলত আজি ইউপিপিএল দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিটিআৰৰ নৱ নিযুক্ত বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই।

উল্লেখ্য যে বেংতলস্থিত ইউপিপিএল দলৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান অনুষ্ঠানত ২৬ জন প্ৰাক্তন এনডিএফবি সদস্যই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে । ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ ৰঞ্জিত বসুমতাৰীয়ে প্ৰাক্তন এনডিএফবি সদস্যসকলক আৰণাই আৰু ফুলাম গামোচাৰে দললৈ উষ্ম আদৰণি জনায় । যোগদান অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে দুৰ্নীতি মুক্ত দেশ তথা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে দৃঢ়তাৰে কাম কৰি যাব বুলি মন্তব্য কৰে।

দেশৰ তথা ভৱিষ্যত প্ৰজন্মৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কোনো পৰিস্থিতিত দুৰ্নীতিৰ সৈতে আপোচ নকৰে আৰু দুৰ্নীতি মুক্ত দেশ তথা সমাজ গঢ়াৰ যি প্ৰতিশ্ৰুতি ৰাইজক দিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষাত তেওঁলোক অটল হৈ আছে বুলি মন্তব্য কৰে ফেৰেঙ্গাই। বন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁলৈ এক কোটি টকা চাহ খাবলৈ দিয়াৰ প্ৰলোভন আগবঢ়াইছে ঠিকাদাৰ তথা পূৰ্বৰ চৰকাৰৰ দালালসকলে বুলিও আজি সংবাদ মাধ্যমৰ আগত মুকলি কৈ প্ৰকাশ কৰি আশ্চৰ্য প্ৰকাশ কৰে।

পূৰ্বৰ শাসকীয় চৰকাৰখনে বহু দুৰ্নীতি সংঘটিত কৰি বিটিচিত বৃহৎ পৰিমাণৰ বিত্তীয় খেলিমেলি কৰি নতুন চৰকাৰখনক সমস্যাত পেলাইছে বুলিও মন্তব্য কৰে ফেৰেঙ্গাই। ভোগালী বিহুৰ পিছৰ পৰা আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনৰ হকে হাতে কামে লাগিম বুলি ভবা কাৰ্যবাহী সদস্য জনে সীমাহীন সমস্যাৰ বাবে আগধৰি আজিৰে পৰা জনগণৰ স্বাৰ্থত নিৰ্বাচনী কামত ব্যস্ত হ’বলৈ বাধ্য হৈছে বুলিও জনায়।

পৰৱৰ্তী সময়ত চিদলী বিধান সভা সমষ্টিৰ বিধায়ক আৰু ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে কৰা সকলো কাৰ্য ৰাইজৰ আগত দাঙি ধৰিব বুলিও মন্তব্য কৰে ফেৰেঙ্গাই। লগতে তেওঁ কয় যে, বিগত সময়ত খাম্পা বৰগয়াৰীৰ নেতৃত্বত বিটিচিৰ বন বিভাগৰ বিভিন্ন শিতানত ১৪২ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে। সময়ত সকলো মুকলিভাৱে তথ্য সহকাৰে ৰাইজৰ সন্মুখত প্ৰকাশ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ফেৰেঙ্গাই।

Exit mobile version