চিৰাঙত বন বিভাগৰ অভিযানত চোৰাংভাৱে হাৰিয়ানালৈ যোৱাৰ পথত খয়েৰ ভৰ্তি ট্ৰাক জব্দ, দুজনক আটক

WhatsApp Image 2021 01 12 at 6.10.41 PM 1

চিৰাঙৰ কাজলগাঁৱৰ পৰা বন বিভাগে জব্দ কৰিলে খয়েৰ ভৰ্তি ট্ৰাক। ডিমাপুৰৰ পৰা অনা বুলি ভুৱা চালান দেখুৱাই চিৰাঙৰ পৰা অবৈধভাৱে হাৰিয়াণালৈ লৈ যোৱাৰ চেষ্টা চলাইছিল খয়েৰ কাঠসমূহ । এইআৰ৩৭ডি–৫৬৬১ নম্বৰৰ খয়েৰ ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে চিৰাং বন বিভাগে।

লোক দুজন ক্ৰমে হাৰিয়ানাৰ আম্বালাৰ বাসগন্দা চালক মন্দিপ সিং (৩৫) আৰু খালাচি গুৰজিন্দৰ সিং (৩৭)। দুয়োজনক অধিক তথ‍্যৰ বাবে জেৰা অব‍্যাহত ৰাখিছে বন বিভাগে।

চিৰাঙৰ পৰা বহিঃ ৰাজ‍্যলৈ অবৈধ তথা চোৰাংভাৱে খয়েৰ কাঠ প্ৰেৰণ কৰাৰ ঘটনা দীৰ্ঘ দিনৰ পৰাই সংঘটিত হৈ আছে । বন বিভাগে বহুকেইখন খয়েৰ ভৰ্তি গাড়ী পূৰ্বেও জব্দ কৰিছিল । তাৰ মাজতে এইদৰেই চোৰাংচোৱাসকলে চতুৰালিৰে বিভিন্ন পন্থাৰে অব‍্যাহত ৰাখিছে খয়েৰ কাঠৰ ব‍্যৱসায়।

Exit mobile version