বাইডেনৰ শপতগ্ৰহণৰ দিনা হ’ব পাৰে আক্ৰমণ

আমেৰিকাৰ ভাবী ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠানক লৈ উত্তেজনাৰ সৃষ্টি হৈছে । আগন্তুক ২০ জানুৱাৰীত বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত শপত গ্ৰহণ কৰিব । তাৰ পূৰ্বেই এফ বি আইয়ে সতৰ্কবাৰ্তা দিয়ে যে অনুষ্ঠানৰ দিনা ৱাশ্বিংটনসহ আমেৰিকাৰ ৫০ খন ৰাজ্যত আক্ৰমণ কৰিব পাৰে সশস্ত্ৰ প্ৰতিবাদকাৰীসকলে ।

আক্ৰমণ হোৱাৰ আশংকাত ৱাশ্বিংটন নেছনেল গাৰ্ডৰ ১৫ হেজাৰ সেনা মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অনাগত ২৮ জানুৱাৰী পৰ্যন্ত পৰ্যটকসকলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । নেছনেল গাৰ্ডৰ সূত্ৰ অনুসৰি, আগন্তুক ১৬ পৰা ২০ জানুৱাৰীলৈকে ৱাশ্বিংটনত কটকীয়া নিৰাপত্তা প্ৰদান কৰা হ’ব ।

নেছনেল গাৰ্ডৰ মুৰব্বী ডেনিয়েল হ’কানছনে জনাই যে, আগন্তুক শনিবাৰৰ ভিতৰত ১০ হেজাৰ সেনা প্ৰেৰণ কৰা হ’ব । তেওঁলোকক মূলতঃ নিৰাপত্তা, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত দৃষ্টি আৰোপ কৰা দায়িত্ব দিয়া হ’ব । পাছত আৰু সেনা প্ৰেৰণ কৰা হ’ব ।

শপতগ্ৰহণ অনুষ্ঠান আৰু জ’ বাইডেনৰ নিৰাপত্তাক লৈ সমগ্ৰ ৱাশ্বিংটন সৰৱ হৈছে , কিন্তু তেওঁ এই বিষয়ত সম্পূৰ্ণ নিৰ্বিকাৰ । বাইডেনে কয়, ‘কেপিটেল বিল্ডিংৰ বাহিৰত শপতগ্ৰহণ কৰিবলৈও মোৰ ভয় নাই ।’ প্ৰথা অনুসৰি নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠান হয় কেপিটেল বিল্ডিংৰ বাহিৰত ।

যোৱা সাত জানুৱাৰীত ট্ৰাম্পৰ সহস্ৰাধিক সমৰ্থকে কেপিটেলত আক্ৰমণ কৰে । এই ঘটনাৰ বাবে ট্ৰাম্পক দোষাৰোপ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰা হৈছে । ইতিমধ্যে, ইম্পিচমেণ্টৰো প্ৰস্তুতি আৰম্ভ কৰা হৈছে ।

Exit mobile version