ভোগালী বিহু বুলি ক’লেই মনলৈ আহে সৰভোগৰ দৈৰ কথা, এই দৈৰ উৎপত্তিস্থল ক’ত?

WhatsApp Image 2021 01 12 at 6.35.31 PM

মানাহৰ বাথানত উৎপাদন কৰা হয় সৰভোগৰ দৈৰ গাখীৰ

ভোগালী বিহুলৈ মাজত মাথো এটা দিন ৷ ভোগালীক আদৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যবাসী ৷ ভোগালী বিহু বুলিলেই মনলৈ আহে সৰভোগৰ দৈৰ কথা ৷ সৰভোগৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় উৎকৃষ্ট দৈসমূহ ৷ কিন্তু এই দৈৰ বাবে প্ৰয়োজনীয় উৎকৃষ্ট গাখীৰৰ উৎপাদন হয় ক’ত ?

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগছাৰ কাহিতামা, চু্ক্ৰুংবাৰী, ছামথায়বাৰী আদিত গৰু আৰু ম’হৰ বাথানত উৎপাদন হয় এই গাখীৰৰ ৷ ইয়াত উৎপাদিত বৃহৎ পৰিমানৰ গাখীৰ লৈ যোৱা হয় কাষৰীয়া সৰভোগলৈ ৷ তাতেই এই উৎকৃষ্ট গাখীৰৰ পৰা উৎপাদন কৰা হয় এঠাজাতীয় আৰু সোৱাদযুক্ত দৈৰ ৷

মানাহৰ এবিধ বিশেষ ঘাঁহৰ বাবেই এই অঞ্চলৰ গৰু-ম’হৰ গাখীৰ অতি উৎকৃষ্ট মানদণ্ডৰ হয় বুলি জানিবলৈ দিয়ে বাথানৰ গৰাকীয়ে ৷ কিন্তু এই ঘাঁহৰ পৰিমাণ কমি যোৱাৰ বাবে বৰ্তমান গাখীৰৰ উৎপাদন হ্ৰাস পোৱা বুলিও উল্লেখ কৰে বাথান এখনৰ গৰাকী লক্ষ্মন স্বৰ্গীয়াৰীয়ে ৷ তেওঁ জানিবলৈ দিয়ামতে বৰ্তমান পাঁচশৰ পৰা ছয়শ গৰু ম’হৰ বাথান আছে যদিও জনবসতি বৃদ্ধিৰ বাবে ক্ৰমান্বয়ে হ্ৰাস পাবলৈও ধৰিছে বাথানৰ সংখ্যা ৷

Exit mobile version