চিৰাঙত বন বিভাগ আৰু ১৫ নং বেটেলিয়ণ এচ এচ বিৰ যৌথ অভিযানত দুষ্প্ৰাপ্য বনৰৌসহ চাৰিজন লোকক গ্ৰেপ্তাৰ । দুষ্প্ৰাপ্য বনৰৌ বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা চিৰাং হৈ কোকৰাঝাৰলৈ যোৱাৰ পথত কাজলগাঁৱত বিশেষ তথ্যৰ ভিত্তিত চলোৱা অভিযানত এই সফলতা লাভ বন বিভাগৰ।
ADVERTISEMENT

এএচ১৬জি–৫১৮৫ নম্বৰৰ বিলাসি গাড়ী এখনেৰে আঠ কেজি ওজনৰ দুষ্প্ৰাপ্য বনৰৌটো বিক্ৰীৰ বাবে আনি আছিল গোৱালপাৰা জিলাৰ ধুপধৰা আদৰ্কিৰ বাসিন্দা প্ৰেণ্ডি চাংমা(৫০), কোকৰাঝাৰ জিলাৰ চক্ৰশিলাৰ আব্দুৰ ৰহিম(৩৩), কোকৰাঝাৰৰ প্ৰদিপ নাথ(৪৩) আৰু ৰাহুল ৰায়(২৮) নামৰ লোককেইজনে ।
চাৰিওজনক গ্ৰেপ্তাৰ কৰি চিৰাং বন সংমণ্ডলৰ কাৰ্য্যালয়ত ৰাখি জেৰা অব্যাহত ৰাখিছে বন বিভাগে।






























