অতিমাৰীৰ পাছতো ভাৰতে অৰ্থনৈতিক সংকট দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিছেঃ আইএমএফ

India to be

ভাৰতে কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ লোৱাৰ লগতে দেশৰ অৰ্থনীতিৰ ওপৰত অতিমাৰীৰ প্ৰকোপো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে । অৰ্থনীতিক পূৰ্বৰ অৱস্থালৈ উভতাই আনিবলৈ ভাৰতে অধিক সক্ৰিয় হ’ব লাগিব বুলি মন্তব্য কৰে আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ)ৰ মুখ্য ক্ৰিষ্টিলিনা জৰ্জিয়েভাৰে ।

অতিমাৰীৰ ফলত কোন দেশৰ অৰ্থনীতি কি পৰিস্থিতিত আছে আইএমএফ-এ তাৰ পৰিসংখ্যন প্ৰকাশ কৰিব ২৬ জানুৱাৰীত । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত জৰ্জিয়েভাৰে কয়, ‘২৬ জানুৱাৰীতে লক্ষ্য এতিয়া সকলোৰে । ভাৰতো তাৰে মাজৰ এখন দেশ । আমাৰ ৰিপ’ৰ্ট আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব, ভাৰতৰ অৱস্থা খুব বেয়া নহয় । কিয় ? কাৰণ অতিমাৰী আৰু অৰ্থনৈতিক সংকট নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে ।’

১৩০ কোটি জনসংখ্যাৰ দেশত তলাবন্ধৰ সাফল্যৰ কথাও দাঙি ধৰে জৰ্জিয়েভাই । তেওঁ কয়, ‘ইমান মানুহ একেলগে বাস কৰাৰ পাছতো কঠোৰ তলাবন্ধ আৰু বিধিনিষেধ জাৰি কৰিবলৈ সক্ষম হ’ল ভাৰত । চৰকাৰী নীতিক জনসাধাৰণে সাৰ্বিকভাৱে সমৰ্থন কৰাৰ বাবেই এই সকলোবোৰ সক্ষম হৈছে । ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে, ক’ভিডৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সময়ৰ ভাৰতৰ পৰিস্থিতিৰ খুব এটা অন্তৰ নাই । তাৎপৰ্যপূৰ্ণভাৱে অৰ্থনীতি সবল হ’বলৈ লৈছে ।’

কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক আৰু ৰাজহ নীতিৰ প্ৰশংসা কৰি জৰ্জিয়েভাই কয়, ‘আইএমএফ-ৰ হিচাপত গড়ে বিভিন্ন দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদনৰ ছয় শতাংশ আহিছে অতিমাৰীৰ সময়ৰ উদীয়মান বজাৰৰ পৰা । ভাৰতৰ এই হাৰ কমি পৰিমাণে হ’লেও আন দেশতকৈ বেছি । সেয়ে অৰ্থনীতিক পুনৰ পূৰ্বৰ পৰ্যায়ৰ উভতাই অনাৰ বহু উপায় আছে ।’

ইয়াৰ লগতে ভাৰতৰ লিংগ বৈষম্যক লৈ জৰ্জিয়েভাই দুশ্চিন্তা প্ৰকাশ কৰাও পৰিলক্ষিত হয় । তেওঁ কয়, ‘অতিমাৰীৰ সময়ত বিগত কিছু মাহ ধৰি যি লিংগ বৈষম্য দেখিবলৈ পোৱা গৈছে, সেয়া সঁচাই উদ্বেগজনক । কৰ’নাৰ বিৰুদ্ধে আগশাৰীত থিয় দি যুঁজি গৈছে মহিলাসকলে । তেওঁলোক অসংগঠিত ক্ষেত্ৰৰ স’তে জড়িত । তৎস্বত্তেও আৰ্থিক আৰু চৰকাৰী সাহায্যৰ পৰা বঞ্চিত তেওঁলোক । চাকৰী এৰিবলগীয়া হ’লে কোনে প্ৰথমে চাকৰি এৰিবলগীয়া হয় ? সৰ্বপ্ৰথমে মহিলাসকলৰে চাকৰি যায় । ভাৰতৰ ‘লেবাৰ মাৰ্কেট পাৰ্টিছিপেছন’ৰ ক্ষেত্ৰত মহিলাসকলৰ যোগদান উল্লেখযোগ্যভাৱে কমিছে । মই জানো চৰকাৰে বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন । অৰ্থনৈতিক ক্ষেত্ৰত মহিলাসকলক আৰু অধিক কৰ্মত যোগদান কৰাব লাগিব ।’

Exit mobile version