টিকাকৰণৰ নিৰ্দেশিকা জাৰি কৰিলে কেন্দ্ৰই

Delhi covid vaccination

দেশজুৰি অহা কালিৰ পৰা আৰম্ভ হ’ব টিকাকৰণ । ইয়াৰ পূৰ্বে এই সন্দৰ্ভত নিৰ্দেশিকা জাৰি কৰিলে কেন্দ্ৰই । ৰাজ্যবোৰকো এই নিৰ্দেশিকা প্ৰেৰণ কৰা হৈছে ।

কেন্দ্ৰই জনাই যে, ১৮ বছৰৰ উৰ্ধৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব । যিসকলে প্ৰসূতিক লৈ নিশ্চিত নহয় আৰু যিয়ে শিশুক স্তন্যপান কৰায় সেই মহিলাসকলে প্ৰতিষেধক গ্ৰহণ কৰিব নোৱাৰিব ।

ভাৰতত দুটা সংস্থাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । ছেৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন । যিকোনো সংস্থাৰে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব জনসাধাৰণে । প্ৰতিষেধকৰ প্ৰথম ড’জ যি সংস্থাৰ পৰা গ্ৰহণ কৰিব দ্বিতীয় ড’জো সেই সংস্থাৰ পৰাই গ্ৰহণ কৰিব লাগিব ।

নিৰ্দেশিকাত লগতে কোৱা হৈছে যে, যদি কোনো লোকে অন্য ৰোগৰ বাবে টিকা লৈ আছে তেনেহ’লে সেই টিকাৰ স’তে ক’ভিড টিকা গ্ৰহণৰ ব্যৱধান ১৪ দিন হ’ব লাগিব । আনহাতে, ক’ভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলে সুস্থ হোৱাৰ চাৰিৰ পৰা আঠ সপ্তাহৰ পাছত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।

যিসকল ক’ভিড ৰোগীক প্লাজমা থেৰাপী দিয়া হৈছে তেওঁলোকে সুস্থ হোৱাৰ চাৰিৰ পৰা আঠ সপ্তাহৰ পাছত প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব । যিসকল লোক কোনো ৰোগত আক্ৰান্ত বা চিকিৎসালয়ত ভৰ্তি তেওঁলোকেও সুস্থ হোৱাৰ চাৰি-আঠ সপ্তাহৰ পাছত প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব ।

নিৰ্দেশিকা অনুযায়ী, যিসকল লোক হৃদ ৰোগ, স্নায়ু ৰোগ বা এইআইভি আদি জটিল ৰোগত আক্ৰান্ত তেওঁলোককো ক’ভিড প্ৰতিষেধক দিব পৰা যায় ।

ভাৰতত সম্প্ৰতি তিনি হেজাৰ ছয়টা কেন্দ্ৰত প্ৰায় তিনি লাখ স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি জনায় কেন্দ্ৰই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ বৃহত্তম টিকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে ।

Exit mobile version