পিজ্জা খাই খাই নেটফ্লিক্স চোৱা চাকৰি

shutterstock 1680823216

আৰামদায়ক শোৱন চাকৰিৰ কথাটো শুনিছেই ! য’ত মেট্ৰেছ কোম্পানীয়ে ঘণ্টাজুৰি শোবৰ বাবে টকা দিয়ে । যিসকলে এই আৰামদায়ক চাকৰি নোপোৱাৰ বাবে অনুশোচনা কৰি আছিল তেওঁলোকৰ বাবে সুখবৰ । পিজ্জা খাই খাই নেটফ্লিক্স চোৱা চাকৰিৰ সুযোগ লাভ কৰিব আপোনালোকে ।

আমেৰিকাৰ এক ৱেবছাইট ‘ব’নাছ ফাইণ্ডাৰ’এ ন ফেব্ৰুৱাৰীত ‘নেছনেল পিজ্জা ডে’ত এই সুযোগ দিছে । য’ত নেটফ্লিক্সত তিনিটা শ্ব’ চাব লাগিব । লগতে খাব লাগিব পিজ্জা । ইয়াৰ পাছত তেওঁলোকে পিজ্জা আৰু শ্ব’ৰ সম্পৰ্কত বিস্তাৰিত মতামত দিব লাগিব । এই আৰামদায়ক কামৰ বাবে লাভ কৰিব পাঁচশ মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৬ হেজাৰ টকা) । এই ঘোষণা কৰা হৈছে ‘ব’নাছ ফাইণ্ডাৰ’ৰ ৱেবছাইটত ।

 

কেনেকৈ কৰিব আবেদন ?

ব’নাছ ফাইণ্ডাৰৰ ৱেবছাইটত গৈ আপুনি এখন ফ’ৰ্ম পূৰণ কৰিব লাগিব । তাত আপুনি জনাব লাগিব, কিয় এই কামৰ বাবে আপুনি উপযুক্ত । যিমান ভালকৈ নিজকে বৰ্ণনা কৰিব পাৰিব, চাকৰিৰ সম্ভাৱনা সিমানেই বেছি । ইয়াৰ পাছত এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে বাছি লোৱা হ’ব প্ৰাৰ্থীক ।

Exit mobile version