বাগছাৰ বালিপূৰত মানাহৰ হাতীৰ জাকৰ তাণ্ডৱ

WhatsApp Image 2021 01 15 at 6.32.15 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বাগছা জিলাৰ শালবাৰীৰ বালিপুৰ গাঁৱত যোৱা নিশা মানুহৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ অনিষ্ট কৰি তাণ্ডৱৰ সৃষ্টি কৰে ৷ নিশাৰ ভাগত প্ৰায় ২৫-৩০ জনীয়া হাতীৰ জাকটোৱে অঞ্চলটোত প্ৰৱেশ কৰি কৃষকৰ বিলাহী, জলকীয়া, বেঙেনা, কল গছ আদিৰ বিঘাই বিঘাই খেতি অনিষ্ট কৰে ৷

ADVERTISEMENT

একেদৰে বৃহৎ হাতীৰ জাকটোৱে বালিপুৰ গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহও ভাঙি চুৰমাৰ কৰে ৷ যোৱা তিনিদিন ধৰি অঞ্চলটোত হাতীৰ জাকে তাণ্ডৱ চলোৱাৰ পাছতো বনবিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

টকা ঋণত লৈ খেতি কৰি এতিয়া হাতীৰ তাণ্ডৱৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে গাঁওখনৰ খেতিয়কসকল ৷ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক ক্ষতিপূৰণ আদায় দিবলৈও আবেদন জনাইছে দুৰ্ভগীয়া খেতিয়কসকলে ৷

Exit mobile version