খেলুৱৈগৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব বিটিচিৰ
চিৰাঙৰ ২নং কাশিকত্ৰা গাঁৱৰ বাসিন্দা ৰবিন্দ্ৰ বসুমতাৰী জীৱিকাত এজন পাচলি বিক্ৰেতা । তেওঁৰ কন্যা ৰৈছুমৈ বসুমতাৰী(১৭) উচ্চতৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী । চিৰাং জিলা ক্ৰীড়া সন্থাৰ হৈ জিলা আৰু ৰাজ্যিক ভিত্তিত কে’বাটাও ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৰৈছুমৈ ।
ছমাহ পূৰ্বে ফুটবল খেলি থকা অৱস্থাত বুকুত বল লাগি অসুস্থ হয় তেওঁ । দৰিদ্ৰ পৰিয়ালৰ হোৱা হেতুকে সু-চিকিৎসা কৰিব নোৱাৰাৰ বাবে যোৱা ছমাহজুৰি ঘৰতে অসুস্থ অৱস্থাত আছে ৰৈছুমৈ । এতিয়া ভৰি দুটা বিকল হোৱাৰ অৱস্থা হৈ পৰিছে । ইপিনে পিতৃ ৰবিন্দ্ৰ বসুমতাৰীয়ো পথ দুৰ্ঘটনাত ভৰিত আঘাত পাই অসুস্থ হয় । ঘৰৰ কোনো কাম বা ব্যৱসায় কৰিব পৰা অৱস্থাত নাই ।
আজি এই পৰিয়ালটোৰ বিষয়ে জানিব পাৰি বিটিচিৰ মুখ্য প্ৰমোদ বড়োৱে পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় । বড়োৱে পৰিস্থিতিৰ বুজ লৈ গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাৰ ব্যৱস্থা কৰে। প্ৰমোদ বড়োই কয় যে, অসুস্থ ৰৈছুমৈৰ চিকিৎসাৰ সকলো দায়িত্ব বিটিচিয়ে ল’ব । ক্ৰীড়া ক্ষেত্ৰত এই ধৰণৰ বঞ্চিত খেলুৱৈসকলৰ সহায়ৰ বাবে ব্যৱস্থা কৰিব বুলিও জনায় বড়োৱে ।
যোৱা ১৩ জানুৱাৰীত কোকৰাঝাৰ জিলাৰ সৰল পাৰাত সংঘটিত বন বিভাগৰ উচ্ছেদত হোৱা গুলিচালনাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন কালি পোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণৰ কথা জনায় বড়োৱে । বন বিভাগৰ ভূমি অবৈধভাৱে দখলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ কথা কয় প্ৰমোদ বড়োৱে । বন্যহস্তী আৰু মানুহৰ সংঘাত দীৰ্ঘদিনীয়া । এই সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় প্ৰমোদ বড়োৱে ।