অভিনেত্ৰী আশা বৰদলৈৰ কৃতিত্বত আনন্দৰ জোৱাৰ নগাঁৱত

image original

উৰুভাটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “লাইফ ইন এ পাপেট” চিনেমাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰা নগাঁৱৰ জীয়ৰী সুদক্ষ অভিনেত্ৰী আশা বৰদলৈৰ কৃতিত্বত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ নগাঁও জিলাতে। আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰাপক অভিনেত্ৰী আশা বৰদলৈয়ে আজি কয়, “লাইফ ইন এ পাপেট চিনেমাত কৰা অভিনয়ৰ বাবে উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মই শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰাত অতিশয় আনন্দিত। ইয়াৰ বাবে মই বহুত কষ্ট কৰিছিলো । কিঞ্চিত হ’লেও কষ্টৰ ফল পালো । মই আনন্দিত।”

নিজৰ সফলতাৰ বাবে কৃতিত্ব কাক দিব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এই বঁটা লাভৰ ক্ষেত্ৰত মই কৃতিত্ব দিম চলচ্চিত্ৰখনৰ পৰিচালক ৰাজেন দাসক । তেওঁ ভাবিছিল মই এই চৰিত্ৰটোৰ বাবে ফিট আৰু মই ফুটাই তুলিব পাৰিম । অৱশ্যে মা-দেউতাৰ আৰ্শীবাদো আছে।”

লাইফ ইন এ পাপেট চিনেমা খনক লৈ থকা পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে, চিনেমাখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ বাবেও পঠিওৱা হ’ব।

সম্প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নেত্ৰী হিচাপে কাম কৰি থকা অভিনেত্ৰী আশা বৰদলৈয়ে ৰাজনীতিৰ বাবে অভিনয় বাদ দিব খোজা নাই বুলি মন্তব্য কৰি কয়, “মই ৰাজনীতিৰ বাবে অভিনয় বাদ দিব খোজা নাই । ৰাজনীতি কৰিলেও সংস্কৃতি এৰি নিদিও। ৰাজনীতিৰ কাৰণে অভিনয় বাদ দিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই ।”

ভৱিষ্যতে ছবি পৰিচালনাৰ ইচ্ছা থকাৰ কথাও সদৰী কৰি তেওঁ কয়, “মোৰ ছবি পৰিচালনাৰ বাবে ইচ্ছা আছে । কিন্তু তাৰ আগত শিকিবলগীয়া বহুত কথাই আছে ।শিকি লওঁ, ছবি পৰিচালনাৰ ক্ষেত্ৰত আত্মবিশ্বাস খিনি আয়ত্ত কৰি লওঁ। কিন্তু ছবি পৰিচালনাৰ ইচ্ছা মোৰ আছে।”

কৰ’না ভাইৰাছৰ সৃষ্ট সমস্যাৰ বাবে চলচ্চিত্ৰ জগতৰ যি ক্ষতি হ’ল সেই ক্ষতিৰ মাজতো লাইফ ইন এ পাপেট আৰু আন কে’বাখনো ভাল চিনেমাৰ কাম হোৱাটো আশাব্যঞ্জক বুলি মন্তব্য কৰি অভিনেত্ৰী গৰাকীয়ে কয়, “প্ৰতিবন্ধকতা য’ত থাকে উদ্ভাৱনাও তাতেই থাকে। অসমীয়া ছবি জগতে পুনৰ মূৰ ডাঙি উঠিব।”

বলিউডৰ ছবিত অভিনয়ৰ মন আছেনে বুলি সোধা প্ৰশ্নৰ উত্তৰত আশা বৰদলৈয়ে কয়, “বলিউডৰ চিনেমাত অভিনয় কৰাৰ মন মোৰ একেবাৰেই নাছিল । সেইখন এখন বিশাল সাগৰ। এতিয়া ইয়াত সুন্দৰকৈ কাম কৰি আছো । সেই বিশাল সাগৰখন সাঁতুৰিবলৈ মোৰ সময় নাই। অৱশ্যে সময়ৰ কথা ক’ব পৰা নাযায়।”

Exit mobile version