চিৰাঙত এশ গৰাকী স্বাস্থ্যকৰ্মীৰ মাজত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021 01 16 at 3.36.30 PM

সমগ্ৰ দেশৰ লগতে আজি চিৰাং জিলাতো ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান আৰম্ভ কৰা হয় । চিৰাং জিলাৰ সদৰস্থিত জোহৌলাও শ্বৌমলা বসুমতাৰী অসামৰিক চিকিৎসালয়ত জিলাখনৰ চিকিৎসককে ধৰি স্বাস্থ্যকৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা হয় । কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা ‘ক’ভিশ্বিল্ড’ নামৰ প্ৰতিষেধকৰ ছিটা প্ৰদান অনুষ্ঠানত বিশ্ব স্বাস্থ্য সংস্থাৰ ক্ষেত্ৰীয় সঞ্চালক ডাঃ হীৰেণ গগৈ, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ডাঃ পলাশ তালুকদাৰ, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, জিলা প্ৰতিষেধক বিষয়া ডাঃ সনাতন দাস, জোহৌলাও শ্বৌমলা বসুমতাৰী চিকিৎসালয়ৰ অধ্যক্ষ মনোজ দাসসহ ভালে সংখ্যক লোক উপস্থিত থাকে ।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা প্ৰতিষেধক আজি চিৰাং জিলাত প্ৰথম পৰ্যায়ৰ অনুষ্ঠানত মুঠ এশ গৰাকী চিকিৎসা কৰ্মীক প্ৰদান কৰা হ’ব বুলি স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈয়ে প্ৰকাশ কৰে । সম্পূৰ্ণ চৰকাৰী নিৰ্দেশিকা অনুযায়ী আজি ক’ভিড-১৯ ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

Exit mobile version