বটদ্ৰৱা সমষ্টিৰ জনতা পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত “ভোগালীৰ এসাজ”ত কণ্ঠ শিল্পী বিদ্যাসাগৰ আৰু কল্লোল বৰঠাকুৰৰ সংগীতানুষ্ঠান

Screenshot 20210116 181226 com.huawei.himovie.overseas

সদায় ভিন্ন ৰূপত দেখা পাই অহা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা  আঙুৰলতা ডেকাক আজি মুকলি খেল পথাৰত দেখা গ’ল নাছনী ৰূপত। য’ত সংগীত পৰিৱেশন কৰিলে অসমৰ জনপ্রিয় সংগীত শিল্পী বিদ্যাসাগৰ আৰু কল্লোল বৰঠাকুৰে। এই দুই গৰাকী শিল্পীৰ বিহুগীতৰ তালে তালে স্থানীয় বোৱাৰী-জীয়াৰীৰ স’তে বিহু নৃত্য কৰি আত্মহাৰ হ’ল বিধায়িকা আঙুৰলতা ডেকা।

কেৱল সেয়াই নহয়, বটদ্ৰৱা সমষ্টিৰ জনতা পার্টিৰ উদ্যোগত আজি সমষ্টিটোৰ জাজৰিৰ বেলতল খেলপথাৰত অনুষ্ঠিত ভোগালীৰ এসাজ অনুষ্ঠানত পৰম্পৰাগতভাৱে আয়োজন কৰা ৰচী টনা খেল, টেকেলীভঙা খেল আৰু কুকুৰা যুঁজৰ লগতে পাৰ পুখুৰী পাৰ আদিকে ধৰি ভিন্ন খেল -ধেমালীত অংশগ্রহণ কৰি আঙুৰলতা ডেকাই দৃষ্টি আকর্ষণ কৰিলে উপস্থিত ৰাইজৰ।

Exit mobile version