বাগসাৰ বিশপানী গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস

WhatsApp Image 2021 01 16 at 5.25.58 PM 1

বাগসাৰ বালিপুৰ গাঁৱত বিগত কে’বাটাও নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে । যোৱানিশা জিলাখনৰ বিশপানীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ৫০-৬০ টা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি ঘৰ-দুৱাৰ ভাঙি অনিষ্ট সাধন কৰাৰ লগতে বহুতৰে খেতি-মাটিৰ শস্য খাই তহিলং কৰে ৷ গাঁৱত হাতী প্ৰৱেশ কৰাৰ খবৰ পাই আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে অঞ্চলটোৰ ২৮ টা পৰিয়ালৰ ৬০ বিঘা বিলাহী খেতি, ৪০ বিঘা বেঙেনা খেতিকে ধৰি জিকা, জলকীয়া আদি খেতি খাই তহিলং কৰে ৷

স্থানীয় ৰাইজে জানিব দিয়া মতে, হাতীৰ জাকটোৱে অঞ্চলটোৰ ৰাইজৰ প্ৰায় ২০ লক্ষাধিক টকাৰ খেতি ক্ষতি কৰে ৷ উল্লেখ্য যে হাতীৰ বৃহৎ জাকটোৱে পথাৰৰ খেতি খাই তহিলং কৰাৰ লগতে কে’বাটাও পৰিয়ালৰ ঘৰবাৰীৰ বাৰুকৈয়ে অনিষ্ট সাধন কৰিছে ৷  ৰাইজে নিশাই  বনবিভাগক খবৰ দিয়াত ঘটনাস্থলীত পুৱাৰ ভাগত বন বিভাগৰ লোক উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্ত পৰিয়াল-খেতিয়কক ক্ষতিপূৰন দিব বুলি আশ্বাস প্ৰদান কৰে।

এইফালে অঞ্চলটোৰ বহু খেতিয়কে বন্ধন বেংকৰ পৰা লাখ লাখ টকা ঋণ লৈ খেতি কৰিছে বুলি জানিব দি চৰকাৰৰ পৰা উপযুক্ত ক্ষয়-ক্ষতি নাপালে আত্মহত্যাৰ বাহিৰে অন্য পথ নাথাকিব বুুলি মন্তব্য কৰে৷

Exit mobile version