তৎকাল এলপিজি সেৱা আগবঢ়াব ইণ্ডেনে

indane 14 2 kg subsidised domestic lpg cylinder

গ্রাহকৰ সুবিধার্থে তৎকাল এলপিজি সেৱা’ নামেৰে এক বিশেষ সেৱা মুকলি কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় তেল নিগমে। এই সেৱা আৰম্ভ হলে গ্রাহকে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ দিনাই ঘৰলৈ লৈ যাব পাৰিব। যিসমূহ পৰিয়ালৰ মাত্ৰ এটাই এলপিজি চিলিণ্ডাৰ আছে।সেইসমূহৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখিয়েই সম্প্রতি এই সেৱা মুকলি কৰাৰ কথা ভাবিছে তেল বিপণন সংস্থাটোৱে।

সংস্থাটোৰ এক বিবৃতিযােগে জনােৱা মতে,দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ একোখনকৈ জিলা বা চহৰ চিহ্নিত কৰি প্রথমে মাত্র এটা চিলিণ্ডাৰ থকা গ্রাহকক বাছি উলিয়াই প্রথমাৱস্থাত কেৱল তেনে গ্রাহকৰ বাবে তৎকাল এলপিজি সেৱা আৰম্ভ কৰা হ’ব। এই আঁচনিৰ চিলিণ্ডাৰ বুকিং কৰাৰ মাত্র ৩০ পৰা ৪৫ মিনিটৰ ভিতৰতে সংশ্লিষ্ট গ্রাহকে লাভ কৰিব পাৰিব ৰন্ধন গেছ।

ভাৰতীয় তেল নিগমৰ এক সূত্রত প্রকাশ পােৱা মতে প্রাথমিকভাৱে অহা এক ফেব্ৰুৱাৰীৰ পৰাই এই সেৱা উপলব্ধ হ’ব। উল্লেখ্য যে ইণ্ডেন ব্ৰেণ্ডৰ ৰন্ধন গেছ বিক্ৰী কৰা সংস্থাটোৱে দেশৰ মুঠ ২৮ কোটি এলপিজি গ্রাহকৰ ১৪ কোটিকে সামৰি ল’বলৈ সক্ষম হৈছে। তৎকাল এলপিজি সেৱা আঁচনি মুকলি হলে বুকিঙৰ ৪৫ মিনিটৰ ভিতৰত ডেলিভাৰী দিয়াৰ বাবে অতিৰিক্ত কিমান টকা গ্রাহকে ভৰিব লাগিব সেই সম্পর্কে অচিৰেই ঘােষণা কৰিব বুলি জনাইছে ইণ্ডেন কর্তৃপক্ষই।

Exit mobile version