বাইডেনে শপত লােৱাৰ পূর্বেই ৱাশ্বিংটন এৰিব ট্রাম্পে

trump

অহা বুধবাৰেই ৱাশ্বিংটন ত্যাগ কৰিব আমেৰিকাৰ বিদায়ী ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে। জো বাইডেনে আমেৰিকাৰ পৰৱর্তী ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ সময়খিনিত ট্রাম্পে অতিবাহিত কৰি ফ্ল’ৰিডাৰ পাম বীচ্চত অৱস্থিত প্রায় এটা শতিকাৰ পুৰণি মনােৰম ৰিৰ্জৰ্টত।

মাৰ-এ-লাগাে ক্লাব নামৰ নিজৰ ৰিজ’র্টতে বীয়েৰৰ গিলাচত চুমুক দি বিতর্ক-প্ৰৱণ ৰাষ্ট্রপতিজনে নিজৰ পৰৱৰ্তী জীৱনৰ গতিপথ সম্পর্কে সিদ্ধান্ত ল’ব। অহা বুধবাৰেই ৰাষ্ট্ৰপতিৰূপে শপত ল’ব বাইডেনে। এই শপত গ্রহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি ট্রাম্পে আগতেই ঘােষণা কৰিছিল। এইবাৰ তেওঁ শপত গ্রহণ অনুষ্ঠান আৰম্ভ হােৱাৰ পূর্বেই ৱাশ্বিংটন ত্যাগ কৰাৰ সিদ্ধান্ত ললে। অহা বুধবাৰে পুৱাই ট্রাম্পে ৱাশ্বিংটন ত্যাগ কৰি ফ্ল’ৰিডালৈ ৰাওনা হ’ব।

ইয়াৰ পূর্বে মঙলবাৰে তেওঁ এয়াৰফ’র্চ ৱান বেছত এক বিদায়ী পার্টি দিয়াৰ পৰিকল্পনা কৰিছে। ট্রাম্পৰ এই বিষয়সমূহৰ সতে যুক্ত এক সূত্রই এই কথা সদৰী কৰিছে। আমেৰিকাৰ গণতন্ত্রৰ এক বিশেষ সন্ধিক্ষণত সচৰাচৰ বিদায়ী ৰাষ্ট্রপতি উপস্থিত থাকে। সেয়ে ট্রাম্পৰ এনে সিদ্ধান্তই বহুতকে আচৰিত কৰি তুলিছে। সূত্ৰটোৱে জনােৱা মতে, হােৱাইট হাউছৰ একাংশ পৰামৰ্শদাতাই বাইডেনৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ ট্রাম্পক পৰামর্শ দিছিল।

অৱশ্যে সেই কথা শুনাৰ লক্ষণ ট্রাম্পৰ মাজত দেখা নাই বুলি হােৱাইট হাউছৰ সূত্ৰটোৱে জনাইছে। মঙলবাৰে বিদায়ী পার্টি শেষত তাৰ পৰাই ট্রাম্প ফ্ল’ৰিডাৰ পাম বীচ্চলৈ যাব। পাম বীচ্চৰ মাৰ-এ-লাগাে ক্লাবৰ পৰাই আৰম্ভ হ’ব ট্রাম্পৰ পৰৱৰ্তী জীৱন। উল্লেখ্য যে প্রায় এশ বছৰ পুৰণি এই ৰিজ’ৰ্টটো ১৯৮৫ত ট্রাম্পে ক্ৰয় কৰিছিল। ৰাষ্ট্ৰপতিৰূপে ক্ষমতালৈ অহাৰ আগৰে পৰাই বিতর্কক জীৱনৰ অংগ কৰি লৈছিল ট্রাম্পে।

তেওঁৰ অনেক উদ্ভট কীর্তি-কলাপ আৰু লোমহীন মন্তব্যৰ সাক্ষী হৈ আছে সমগ্র বিশ্ব।নির্বাচনত পৰাজয়ৰ পাছতাে ট্রাম্পে কৰা অশােভনীয় মন্তব্য-আচৰণৰ বাবে তেওঁ যথেষ্ট নিন্দিতও হৈছে। এইবােৰ সমালােচনাক যে বিশেষ গুৰুত্বও নিদিয়ে, সেয়া তেওঁ বিগত কিছু বছৰ ধৰিয়ে বুজাই আহিছে।আমেৰিকাৰ দীর্ঘ গণতন্ত্রৰ ইতিহাসত ট্রাম্পেই একমাত্র ৰাষ্ট্ৰপতি, যি।দুবাৰকৈ মহাভিযােগৰ সন্মুখীন হৈছে।

Exit mobile version